কাজিৰঙাঃ অহা ৫ আৰু ৯ ডিচেম্বৰত ৰাজ্যত অনুষ্ঠিত হ’ব দুটা পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন। সমগ্ৰ ৰাজ্যৰ লগতে বোকাখাতৰো চাৰিওফালে বলিছে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ। বিভিন্ন ৰাজনৈতিক দলে ইতিমধ্যে কঁকালত টঙালি বান্ধিছে৷
ইয়াৰ মাজতে এতিয়া সমগ্ৰ বোকাখাতে চৰ্চালৈ আহিছে এগৰাকী প্ৰাৰ্থিত্বপ্ৰত্যাশী৷ তেওঁৰ নাম চিত্ৰলেখা বৰা। বোকাখাত গাঁও পঞ্চায়তৰ অধীনৰ ৪ নং ৱাৰ্ডৰপৰা কংগ্ৰেছ দলৰ হৈ ৱাৰ্ড মেম্বাৰ খেলিবলৈ মন মেলা এই বাইদেউগৰাকীৰ আশাত চেঁচাপানী ঢালিলে পঞ্চায়ত সংশোধনী আইনখনে।