পলিমা চেতিয়া বসুমতাৰী, কাজিৰঙাঃ বছৰটোৰ প্ৰথমটো বানে প্ৰলয়ৰ সৃষ্টি কৰা কাজিৰঙাৰ জীৱকুলৰ আলাই-আথানী নোহোৱা হৈছে৷ বিগত ৫ টা দিনে ৯০ শতাংশ জলমগ্ন হৈ থকা কাজিৰঙাৰ বানত এতিয়াও ককবকাই আছে বন্যপ্ৰাণীয়ে৷ গঁড়, হাতী, পহু আদি বন্যপ্ৰাণীয়ে নিৰাপদ স্থানৰ সন্ধানত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি দক্ষিণে থকা কাৰ্বি পাহাৰলৈ ঢাপলি মেলিছে৷
কাজিৰঙাৰ বানত দিশহাৰা হৈ বৃহস্পতিবাৰে পুৱাতেই বাগৰি বনাঞ্চলৰ দাঁতি-কাষৰীয়া হাৰমতি অঞ্চললৈ ওলায় আহে এটা প্ৰকাণ্ড ঢেঁকীয়াপতীয়া বাঘ৷ স্থানীয় ৰাইজে প্ৰকাণ্ড ঢেঁকীয়াপতীয়া বাঘটো এটুকুৰা হালধীৰ খেতিত প্ৰত্যক্ষ কৰি চিঞৰ-বাখৰ লগায়৷ লগে-লগে বাঘটো সেই ঠাইৰপৰা আতৰি আহি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৱস্থিত মতিলাল ওৰফে ৰফিকুল ইছলামৰ ভঙা লোহাৰ-প্লাষ্টিকৰ দোকানৰ টিনৰ চাৰিবেৰাৰ মাজত প্ৰৱেশ কৰে।