কাজিৰঙাঃ বুধবাৰৰেপৰা অনুষ্ঠিত ২য় কাজিৰঙা ৰাষ্ট্ৰীয় বাণিজ্য মেলাত কাশ্মীৰৰ শ্বহীদক সোঁৱৰণ কৰা হয়। দেশৰ কাৰণে প্ৰাণ আহুতি দিয়া শ্বহীদসকলক সোঁৱৰি বন্তি প্ৰজ্বলন কৰা হয়। 

উল্লেখ্য যে কাজিৰঙাৰ শিক্ষাৰ ক্ষেত্ৰত সহযোগ কৰাৰ অংগীকাৰ লৈ অৰণ্য হস্ত-শিল্পৰ উদ্যোগত আজিৰেপৰা কাজিৰঙাৰ কহঁৰা চাৰিআলিত ১৫ দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে বাণিজ্য মেলাখনি। 

সংগঠনটোৰ সভাপতি তিলক দাসৰ উপস্থিতিত সন্ধিয়া নাৰিকল ভাঙি আৰু ফিটা কাটি মেলাৰ দ্বাৰ মুকলি কৰে সমাজকৰ্মী ফটিক বৰাই। কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ সভাপতি স্বপন নাথ, কহঁৰা ৰূপজ্যোতি ক্লাবৰ সভাপতি নিপন শৰ্মা, কাজিৰঙা হাতী ছাফাৰি সংস্থাৰ বিষয়ববীয়া দিগন্ত বৰা, কহঁৰা আৰক্ষী চকীৰ বিষয়া লক্ষণ নাথৰ উপস্থিতিত কহঁৰা বজাৰ সমিতিৰ সভাপতি নাৰায়ণ ভট্টৰায়ে বীৰ শ্বহীদসকলৰ সোঁৱৰণত কৰা বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী মুকলি কৰে।

যুৱ সাংবাদিক ধ্ৰুৱজ্যোতি সাহাই আঁত ধৰা অনুষ্ঠানটিত শতাধিক স্থানীয় ৰাইজ উপস্থিত হৈ ৰাষ্ট্ৰীয় বাণিজ্য মেলাখনি উদযাপন কৰাৰ বাবে শলাগ লয়। মেলাখনিৰ লগত সংগতি ৰাখি স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত ২৪ ফেব্ৰুৱাৰীত চিত্ৰাংকণ, ৰচনা আদিকে ধৰি বিভিন্ন শৈক্ষিক প্ৰতিযোগিতা তথা ২৬ ফেব্ৰুৱাৰীত মেধাবী-দৰিদ্ৰ শিক্ষাৰ্থীৰ মাজত গ্ৰন্থৰ টোপোলা বিতৰণ কৰাৰ ঘোষণা কৰা হয়।