newsnextone.com | কাজিৰঙাঃ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে গঢ় দিয়া কাজিৰঙাৰ অৰ্কিড পাৰ্কে ৬ বিঘা অতিৰিক্ত ভূমি দখল কৰা বুলি অভিযোগ উত্থাপন কৰে গোলাঘাট জিলা প্ৰশাসনে৷ শীঘ্ৰেই এই ভূমি দখলমুক্ত কৰিব বুলি ইতিমধ্যে প্ৰশাসনে জাননী জাৰি কৰিছে। এই খবৰ ৰাজহুৱা হোৱাৰ পিছতে কৃষক নেতা অখিল গগৈয়ে কেৱল ৰাজনৈতিক আক্ৰোশ পূৰণৰ বাবেই কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে স্থাপন কৰা কাজিৰঙা জাতীয় অৰ্কিড উদ্যানলৈ উচ্ছেদৰ জাননী প্ৰেৰণ কৰা হৈছে বুলি ক্ষোভ প্ৰকাশ কৰে৷ চৰকাৰে যোৱা ৫ জুলাইত উচ্ছেদৰ জাননী প্ৰদান কৰা কাৰ্যক চূড়ান্ত অগণতান্ত্ৰিক আখ্যা দি গগৈয়ে এই উচ্ছেদ যদি কৰা হয় তেন্তে চৰকাৰৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি হুংকাৰ দিয়ে।
ইতিমধ্যে অবৈধ ভাৱে চৰকাৰী ভূমি দখল কৰাৰ অভিযোগত অৰ্কিড উদ্যানখনৰ বিৰুদ্ধে উচ্ছেদৰ জাননী প্ৰেৰণ কৰা হৈছে। অখিল গগৈয়ে অতিৰিক্ত উপায়ুক্ত উৎপল দলেয়ে এই জাননী প্ৰেৰণ কৰা বুলি কৈ গোলাঘাট জিলাৰ অতিৰিক্ত উপায়ুক্ত উৎপল দলেৰ নামত বোকাখাত চহৰৰ মাজমজিয়াত চৰকাৰী ভূমি দখল কৰি ৰাখিছে বুলি অভিযোগ উত্থাপন কৰে। কৃষক নেতা গগৈয়ে কয় যে ইতিমধ্যে অৰ্কিড উদ্যানখনে মুঠ ৬ বিঘা ১ কঠা ১২ লোচা চৰকাৰী ভূমি বেদখল কৰাৰ অভিযোগ উত্থাপন কৰি গোলাঘাট জিলা প্ৰশাসনে যোৱা ৫ জুলাইত অবৈধ ভাৱে কৰা নিৰ্মাণ কৰা গৃহ আৰু অন্যান্য সামগ্ৰী সাত দিনৰ ভিতৰত অাঁতৰাই নিবলৈ অৰ্কিড উদ্যান কৰ্তৃপক্ষলৈ জাননী প্ৰেৰণ কৰিছে।