কাজিৰঙাঃ সম্পূৰ্ণ বে-আইনীভাৱে কাজিৰঙাৰ কাষৰীয়া এলেকাত ভূ-কম্পন জৰীপ কৰিবলৈ যোৱা বহিৰাগত কোম্পানীক পহুখেদা দিয়ে বোকাখাতৰ ৰাইজে। স্বয়ং গোলাঘাট জিলা প্ৰশাসনৰ অনুমতিত বোকাখাতৰ বহিখোৱা এলেকাত ভূ-কম্পন জৰীপ চলাই থাকোতেই জীপাল কৃষক-শ্ৰমিক সংঘৰ উদ্যোগত স্থানীয় ৰাইজে খেদি পঠিয়ায় আলফাজিঅ’ নামৰ কোম্পানীটোৰ কৰ্মকৰ্তা সকলক।
অঞ্চলটোৰ ৰাইজে কৰা অভিযোগ অনুসৰি, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলৰ গাতে লাগি থকা বহিখোৱা এলেকাত উপস্থিত হয় কেইগৰাকীমান লোক। নিজকে আলফাজিঅ’ নামৰ কোম্পানীটোৰ কৰ্মকৰ্তা বুলি চিনাকি দিয়া লোককেইজনে বহিখোৱা এলেকাৰে মণিবৰ চাৰহ নামৰ মিচিং সম্প্ৰদায়ৰ ব্যক্তিজনৰ বাসগৃহত উপস্থিত হৈ উক্ত বাসগৃহ চৌহদত খাৰুৱা তেলৰ পুং আছে বুলি উল্লেখ কৰে। আনহাতে, খাৰুৱা তেলৰ পুং চাবৰ বাবে দলকল বৰিং কৰাৰ সমান কেইফুটমান ভূমি বিচাৰে। কিন্তু, উক্ত সময়ত বাসগৃহত মণিবৰ চাৰহ নথকাত পৰিয়ালৰ লোকে ভূমি দিব নোৱাৰো বুলি জনোৱাত কোম্পানীৰ কৰ্মকৰ্তাসকলে খাটনি ধৰাত পৰিয়ালৰ লোক মান্তি হয়। ইয়াৰ পাছতেই বিভিন্ন যন্ত্ৰপাতিৰে উক্ত স্থানত কাম আৰম্ভ কৰে আলফাজিঅ’ নামৰ কোম্পানীটোৰ কৰ্মকৰ্তাসকলে। ইফালে, যন্ত্ৰপাতিৰে কাম আৰম্ভ কৰাৰ বিষয়টো সমগ্ৰ এলেকাত বিয়পি পৰাৰ লগে লগে ইজন-সিজন লোক কাম চাবৰ বাবে উক্ত স্থানত উপস্থিত হয়। কি কাৰণত যন্ত্ৰপাতি লগাই কাম-কাজ কৰি আছে সেই সন্দৰ্ভত অঞ্চলটোৰ সচেতন ৰাইজে কোম্পানীটোৰ প্ৰতিনিধিসকলক সোধপোছ কৰে। কিন্তু, কোম্পানীটোৰ প্ৰতিনিধিসকলৰ উত্তৰত ৰাইজৰ সন্দেহ জন্মাত কাগজ-পত্ৰ চাব বিচাৰে। ইপিনে, জীপাল কৃষক-শ্ৰমিক সংঘৰ উপস্থিতিত ৰাইজে কাগজ-পত্ৰ পৰীক্ষা কৰাত কোম্পানীটোৱে ভূ-কম্পন জৰীপ কৰাৰ তথ্য পোহৰলৈ আহে।