97
কাজিৰঙাৰপৰা পলিমা চেতিয়া বসুমতাৰীঃ দুৱাৰ বাগৰি আৰক্ষী চকীৰ অধীনত কুঠৰীৰ নজান নামৰ ঠাইত বৃহস্পতিবাৰে টেংকাৰৰপৰা তেল চুৰি কৰি থাকোতে জুই লাগি এখন তেল ভৰ্তি টেংকাৰ আৰু এখন লাইন হোটেল সম্পূৰ্ণৰূপে ভস্মীভূত হয়।
জানিব পৰা মতে উক্ত আৰক্ষী চকীৰ অধীনত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত নজান নামৰ ঠাইখনত আজি আবেলি ফকৰউদ্দিন আহমেদৰ লাইন হোটেলৰ পিছফালে অবৈধভাৱে এখন টেংকাৰৰপৰা ডিজেল উলিয়াই থাকোতে হঠাৎ জুই লাগে।