Home ৰাজ্যকাজিৰঙা সাংবাদিক সংস্থাৰ উদ্যোগত একত্ৰিত দল-সংগঠন, অসমীয়াৰ চকুপানী নেদেখে দিল্লীয়ে

কাজিৰঙা সাংবাদিক সংস্থাৰ উদ্যোগত একত্ৰিত দল-সংগঠন, অসমীয়াৰ চকুপানী নেদেখে দিল্লীয়ে

by News Desk
54 views
A+A-
Reset

newsnextone.com | কাজিৰঙাঃ ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে৷ গোলাঘাট জিলাৰ দল-সংগঠনেও প্ৰতিবাদ অব্যাহত ৰাখিছে বিধেয়কৰ বিৰুদ্ধে৷ শনিবাৰে জিলা খনৰ কাজিৰঙাত কুৰিটা সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে বিধেয়কৰ বিৰুদ্ধে৷ জাতিদ্ৰোহী বিধেয়কখন বাতিলৰ দাবীত কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাই পুনৰ প্ৰতিবাদ সাব্যস্ত কৰে শনিবাৰে৷ প্ৰতিবাদত অংশ লৈ সাংবাদিক সংস্থাৰ সম্পাদক ধ্ৰুৱজ্যোতি সাহাই চৰকাৰক তীব্ৰ আক্ৰমণ কৰি কয় যে নূন্যতম মজুৰি, সামাজিক সুৰক্ষা, শ্ৰম আইনৰ পৰা বঞ্চিত, মালিকৰ শোষণত জৰ্জৰিত আমাৰ দেশৰ কোটি কোটি শ্ৰমিকৰ চকুৰ পৰা বৈ থকা চকুপানী নেদেখা দিল্লী-দিছপুৰত বহি থকাসকলে বিদেশৰ পৰা মানুহ আনিবৰ বাবে পাং পাতিছে। এয়া কোনো কাৰণতে গ্ৰহণ যোগ্য হ’ব নোৱাৰে। জাতিধ্বংসী এই নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত সকলো পক্ষ একত্ৰিত হওক।

কাজিৰঙাৰ কহঁৰা চাৰিআলিত অৱস্থাত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি সাংবাদিক সংগঠনটোৱে ৰূপায়ন কৰা কাৰ্যসূচীত ভাষণ প্ৰদান কৰি সাহাই কয় যে অসমীয়াৰ অস্তিত্ব বৰ্তি আছে অসমত বসবাস কৰা সকলো জাতি-জনগোষ্ঠীৰ ভাষা-সাহিত্য-সংস্কৃতিৰ ওপৰত নিৰ্ভৰ কৰি। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0