newsnextone.com | কাজিৰঙাঃ ছচিয়েল মিডিয়াত এটি বিশেষ জনগোষ্ঠীৰ বিৰুদ্ধে বিভিন্ন অপমানসূচক-আপত্তিজনক পোষ্ট দি পৰিবেশ বিনষ্ট কৰিব বিচৰাৰ অভিযোগ উত্থাপন গৈছে৷ কাৰ্বি আংলঙৰ ডকমকাত ছচিয়েল মিডিয়াত উৰা বাতৰি প্ৰচাৰ হোৱাৰ পিছত এচাম দুষ্কৃতিকাৰীয়ে গুৱাহাটীৰ উদীয়মান দুই যুৱক নিলোৎপল দাস আৰু অভিজিৎ নাথক সোপাধৰা বুলি সন্দেহ কৰি অতি নৃশংসভাৱে হত্যা কৰাৰ ঘটনা সংঘটিত হোৱাৰ পিছতে একাংশ লোকে এটি জনগোষ্ঠীৰ বিৰুদ্ধে পোষ্ট দি অহাত পৰিবেশ অইন দিশে গতি কৰা পৰিলক্ষিত হৈছে৷
তাৰ মাজতে, বোকাখাত মহকুমা প্ৰশাসন আৰু কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাই সোমবাৰে কাজিৰঙা বনবিভাগৰ সভাগৃহত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰে৷ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা সোপাধৰাৰ উৰা বাতৰিৰ লগতে কাৰ্বি আংলঙৰ ঘটনাই যাতে কাৰ্বি আংলং জিলাৰ সীমাৰ বোকাখাত মহকুমাত যাতে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি উদ্ভৱ নহয় তাৰ বাবেই বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যামৰ সভাপতিত্বত সভা অনুষ্ঠিত হয়৷ কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাৰ সম্পাদক ধ্ৰুৱজ্যোতি সাহাই আঁত ধৰা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সংস্থাৰ সভাপতি স্বপন নাথে।