পলিমা চেতিয়া বসুমতাৰী, কাজিৰঙাঃ বোকাখাতৰ অন্যতম প্ৰকাশন গোষ্ঠী ‘অভিলাষ প্ৰকাশন’ৰ উদ্যোগত আৰু ‘আছাম ফাইন আৰ্টছ একাডেমি’ৰ সহযোগত গোলাঘাট জিলা ভিত্তিৰ ‘ৰঙৰ পৃথিৱী’ চিত্ৰাংকন প্ৰতিযোগিতাখন অলপতে অনুষ্ঠিত হৈ যায়৷
অভিলাষ বৰা (বু)ৰ ২৫ সংখ্যক জন্মদিন উপলক্ষে আয়োজন কৰা এই চিত্ৰাংকন প্ৰতিযোগিতাত মুঠ চাৰিটা শাখাত প্ৰায় ১২শ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে৷ সত্য নাৰায়ণ সেৱা সদন বোকাখাতত অনুষ্ঠিত উক্ত প্ৰতিযোগিতাৰ আদৰণি ভাষণ আগবঢ়ায় অভিলাষ প্ৰকাশনৰ স্বত্বাধিকাৰী তথা বোকাখাত জেডিএছজি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ৰুবী বৰাই৷