পলিমা চেতিয়া বসুমতাৰী, কাজিৰঙাঃ সম্প্ৰতি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কূটাঘাতমূলক কামত সিদ্ধহস্ত চোৰাং চিকাৰীৰ মাজত সন্ত্ৰাসৰ বতৰা বিয়পিছে৷ চাৰিওফালে সাৱধান বাণীত চেঁপা উত্তেজনা৷ কাৰণ কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত এতিয়াৰে পৰা থাকিব প্ৰতিটো মুহূৰ্ততে অত্যাধুনিক মাৰণাস্ত্ৰৰে সু-সজ্জিত হৈ বিশেষ গঁড় সুৰক্ষা বাহিনীৰ দল৷
ইতিমধ্যে, ৮২ জনীয়া এই বিশেষ গঁড় সুৰক্ষা বাহিনীৰ দলটো আহি উপস্থিত হৈছেহি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত৷ উল্লেখ্য যে, বঢ়মপুৰস্থিত নৱম এ পি বি এন ত দহমহীয়া কঠোৰ প্ৰশিক্ষণ গ্ৰহণ কৰি সফলতাৰে সমাপ্ত কৰিছে মহিলাসহ এই ৮২ জনীয়া বিশেষ গঁড় সুৰক্ষা বাহিনীৰ দলটোৱে৷ শুকুৰবাৰে বিয়লি এই ৮২ জনীয়া বিশেষ গঁড় সুৰক্ষা বাহিনীৰ দলটো উপস্থিত হয়হি কাজিৰঙাত৷