কাজিৰঙাঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বুধবাৰে পুৱা এটা প্ৰকাণ্ড গঁড়ৰ আক্ৰমণত এজন বন সুৰক্ষাকৰ্মী গুৰুতৰভাৱে আহত হয়। জানিব পৰা মতে, ৰাষ্ট্ৰীয় উদ্যাখনৰ বাগৰি বনাঞ্চলৰ ভুলোকাজান বন শিবিৰ এলেকাত পুৱা প্ৰায় ৯ঃ৩০ বজাত কাজিৰঙাৰ অটব্য অৰণ্যৰ মাজত কৰ্তব্য কৰি থাকোঁতে হঠাৎ এটা প্ৰকাণ্ড গঁড়ে সুৰক্ষাকৰ্মী চন্দ্ৰধৰ ডেকাক আক্ৰমণ কৰাত হাত, কাণ আদিত আঘাত পায়।
ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি বনাঞ্চলৰ বন বিষয়া পংকজ বৰাই জানিবলৈ দিয়া মতে, আজি পুৱা উক্ত বন শিবিৰ এলেকাত অৰণ্যৰ ইকৰাণিত জুই দি থকা অৱস্থাত হঠাৎ এটা প্ৰকাণ্ড গঁড়ে বন কৰ্মীজনক আক্ৰমণ কৰে।