১৫ ফেব্ৰুৱাৰীৰ গঁড় হত্যা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত বিষ্ফোৰক স্বীকাৰোক্তি আটকাধীন চোৰাংচিকাৰীৰ

কাজিৰঙাঃ অৱশেষত বনবিভাগ আৰু আৰক্ষীৰ জালত পৰিল কাজিৰঙাত ইটোৰ-পাছত সিটোকৈ গঁড় হত্যা কৰি বিশ্বৰ সম্পদ এশিঙিয়া গঁড়ৰ সুৰক্ষাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি সমগ্ৰ বিশ্বত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰি অহা দুৰ্ধষ চোৰাং চিকাৰী৷ 

উল্লেখ্য যে, যোৱা ১৫ ফেব্ৰুৱাৰীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলৰ শুকানি বনশিবিৰ এলেকাত এটা মতা গঁড় চোৰাং চিকাৰীৰ গুলীত নিহত হৈছিল৷ পৰিকল্পিতভাৱে অতি নৃশংসতাৰে গঁড়টো হত্যা কৰি চোৰাং চিকাৰীৰ দলটোৱে গঁড়টোৰ খৰ্গ কাটি উধাও হ’বলৈ সক্ষম হৈছিল৷ 

ইয়াৰ পাছতে বনবিভাগ আৰু আৰক্ষীয়ে স্নী’ফাৰ ডগ লৈ চোৰাং চিকাৰীৰ সন্ধানত ব্যাপক অভিযান চলাইছিল যদিও কোনো শুংসূত্ৰ লাভ কৰা নাছিল৷ ইপিনে, এই গঁড় হত্যাৰ ঘটনাৰ ২৪ ঘন্টা নৌ-হওঁতেই উদ্যানখনৰ উত্তৰ পাৰে গহপুৰ আৰক্ষী আৰু বনবিভাগে অতৰ্কিতে অভিযান চলায়৷ ১৫ ফ্ৰেব্ৰুৱাৰীত গঁড় হত্যাত জড়িত চাৰিটাকৈ দুৰ্ধৰ্ষ চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ 

গহপুৰ আৰক্ষী আৰু বনবিভাগে অভিযান চলাই গ্ৰেপ্তাৰ কৰা চোৰাং চিকাৰী কেইটা ক্ৰমে অৰুণাচলৰ মাংগবাইফাই, মিজোৰামৰ ভি ছিনমটন ঠাং আৰু গহপুৰৰ ৰমেশ পেগু আৰু ৰাকেশ পেগু৷ ইয়াৰ পাছতে গহপুৰ আৰক্ষীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক চমজাই দিয়ে এই আটকাধীন চোৰাং চিকাৰী চাৰিটাক৷ সোমবাৰে বনবিভাগৰ মাৰাথান জেৰাত চাঞ্চল্যকৰ স্বীকাৰোক্তি দাঙি ধৰিছে আটকাধীন চোৰাং চিকাৰী চাৰিটাওটাই৷  

সংবাদ মাধ্যমৰ আগত স্বীকাৰোক্তি দাঙি ধৰা এই চিকাৰীটোৰ নাম মিজোৰামৰ ভি ছিনমটন ঠাং৷ যোৱা ১৫ ফেব্ৰুৱাৰীত এইটো দুৰ্ধৰ্ষ চিকাৰীয়ে নিজৰ হাতত থকা থ্ৰী নট থ্ৰী ৰাইফলেৰে দুই জাই গুলী কৰি অতি নৃশংসভাৱে গঁড়টো হত্যা কৰিছিল বুলি স্বীকাৰোক্তি প্ৰদান কৰে৷ 

আনহাতে, এই চিকাৰীটোৰ লগতে থকা আন এটা চিকাৰী অৰুণাচলৰ মাংগবাইফাই নামৰ চিকাৰীটোৰ হাতত আছিল এটা অত্যাধুনিক এ কে ৫৬ ৰাইফল৷ এই এ কে ৫৬ ৰাইফল চোৰাং চিকাৰীটোক যোগান ধৰিছিল অৰুণাচলৰ জনৈক আদকাটি নামৰ তথাকথিত এজন সমাজকৰ্মীয়ে৷ অৰুণাচলত ব্যৱসায় কৰা তথাকথিত সমাজকৰ্মী আদকাটি নামৰ এই দুৰ্ধৰ্ষ চোৰাং চিকাৰীটোৱেই আগৰেপৰাই  কাজিৰঙালৈ প্ৰেৰণ কৰি আহিছে বহুকেইটা চোৰাং চিকাৰীৰ দল আৰু চোৰাংচিকাৰৰ বাবে প্ৰয়োজন হোৱা অত্যাধুনিক মৰাণাস্ত্ৰও যোগান ধৰে আদকাটি নামৰ অৰুণাচলৰ তথাকথিত সমাজকৰ্মী তথা এই গেংষ্টাৰজনে। 

আনহাতে, গঁড়টো গুলীয়াই হত্যা কৰাৰ পাছত জনৈক কামান নামৰ ফিল্ডমেনজনে গঁড়টোৰ খৰ্গ কাটি লৈ যায়। ১৬ ফেব্ৰুৱাৰীৰ পুৱাই চোৰাং চিকাৰী দলটোৱে নিজৰ কাম সমাধা কৰি অৰণ্যৰ মাজেৰে আহি আহি বোকাখাতত উপস্থিত হয়৷ ইপিনে, পুৰ্বৰেপৰা চোৰাংচিকাৰৰ লগত জড়িত থকা ডম্বৰু পায়েং নামৰ ব্যক্তিয়ে বোকাখাতত পূৰ্বৰে পৰা লৈ ৰৈ থকা এখন গাড়ীত উঠি চোৰাং চিকাৰী দলটো ব্ৰহ্মপুত্ৰৰ পাৰলৈকে যায় আৰু ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰাই চোৰাং চিকাৰীৰ দলটো উত্তৰ পাৰলৈ যোৱাৰ সময়তে গহপুৰৰ আৰক্ষীৰ হাতত কৰায়ত্ত হ’বলগীয় হয়৷ 

সম্প্ৰতি চোৰাংচিকাৰী দলটোক  ব্ৰহ্মপুত্ৰৰ পাৰলৈকে গাড়ীৰে লৈ যোৱা ডম্বৰু পায়েং নামৰ ব্যক্তিজনকো আৰক্ষী আৰু বনবিভাগে গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে৷ উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বতেও চোৰাং গঁড় চিকাৰৰ গোচৰত এই ডম্বৰু পায়েংক নামৰ ব্যক্তিজনক আৰক্ষী আৰু বনবিভাগে তামিলনাডুৰ পৰা গ্ৰেপ্তাৰ কৰি আনিছিল৷ এই চোৰাং চিকাৰীৰ দলটোক আশ্ৰয় দিছিল গহপুৰৰ দুজন স্থানীয়লোকে৷ ইতিমধ্যে, সংবাদ মাধ্যমৰ আগত চোৰাং চিকাৰীক আশ্ৰয় দিয়াৰ বিষয়টো স্বীকাৰ কৰিছে গহপুৰৰ ধৃত চোৰাং চিকাৰী দুটাই৷ 

ইপিনে, সম্প্ৰতি জনৈক কামান নামৰ চোৰাং চিকাৰীটো অস্ত্ৰ-শস্ত্ৰ, খৰ্গসহ পলাতক অৱস্থাত আছে আৰু বনবিভাগে এই পলাতক চোৰাং চিকাৰীটো কৰায়ত্ত কৰিবলৈ জোৰদাৰ অভিযান অব্যাহত ৰাখিছে৷ স্বয়ং চোৰাংচিকাৰীয়ে সংবাদ মাধ্যমৰ আগত দিয়া বিস্ফোৰক স্বীকাৰোক্তিৰ পাছত সকলোৰে দৃষ্টি এতিয়া বিয়াগোম বনবিভাগৰ ওপৰত, পাৰিবনে বনবিভাগে অৰুণাচলৰ আদকাটি নামৰ এই তথাকথিত সমাজকৰ্মীৰূপী চোৰাংচিকাৰীটোক গ্ৰেপ্তাৰ কৰিব! পাৰিবনে এনে দুস্কৃতিকাৰী চোৰাংচিকাৰী বোৰক আটক কৰি বিশ্ব ঐতিহ্য ক্ষেত্ৰখনক সুৰক্ষা প্ৰদান কৰিব ! পৰৱৰ্তী সময়ত বনবিভাগ তথা অসম চৰকাৰখনে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব৷