কাজিৰঙাঃ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয় গোলাঘাটৰ উদ্যোগত আৰুজেডিএছজি মহাবিদ্যালয়ৰ আভ্যন্তৰীণ যান নিশ্চিতকৰণ কোষৰ সহযোগত মহাবিদ্যালয়খনিৰ ডিজিটেল শ্ৰেণীকোঠাত বুধবাৰে এখনি পথ সুৰক্ষা সম্পৰ্কীয় সজাগতা সভা অনুষ্ঠিত হয়৷
অধ্যক্ষ ড° জয়ন্ত গগৈৰ সঞ্চালনাত অনুষ্ঠিত এই সজাগতা সভাত জিলা পৰিবহণ বিষয়া মনোজ কুমাৰ চৌধুৰী, যানবাহন পৰিদৰ্শকদ্বয় ক্ৰমে পৰাগ শইকীয়া আৰু বাহাৰুল ইছলাম মজুমদাৰ, বলবৎকাৰী পৰিদৰ্শক ৰিক কুমাৰ দাস, আভ্যন্তৰীণ যান নিশ্চিত কোষৰ সমন্বয়ক গোপীকানন্দ শইকীয়া, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, সহযাগী অধ্যাপক তথা সমল ব্যক্তি অতুল বেজবৰুৱা, সাংবাদিক উত্তম শইকীয়া, ভৱানন্দ কলিতা, ৰঞ্জিত ৰজক প্ৰমুখ্যে ভালে সংখ্যক শিক্ষক কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী আৰু অন্যান্য ৰাইজে সক্ৰিয়ভাৱে অংশ গ্ৰহণ কৰে৷