পলিমা চেতিয়া বসুমতাৰী, কাজিৰঙাঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বুধবাৰে এটা প্ৰাপ্তবয়স্ক ঢেঁকীয়াপতীয়া বাঘৰ অৰ্ধ গলিত মৃতদেহ উদ্ধাৰ হোৱাৰ বাতৰি পোৱা গৈছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ বন সংমণ্ডল বিষয়া ৰোহিনী বল্লভ শইকীয়াই জানিব দিয়া মতে ৰাষ্ট্ৰীয় উদ্যাখনৰ কহঁৰা বনাঞ্চলৰ অধীনত বৰুণটিকা বন শিবিৰ এলেকাত আজি বন বিভাগৰ লোক প্ৰতিদিনৰ দৰে অৰণ্যৰ মাজত টহল দিবলৈ যাওঁতে ইকৰাণিৰ মাজত এটা প্ৰাপ্তবয়স্ক মতা ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ কৰে।
মৃত বাঘটোৰ দেহত থকা আঘাতসমূহলৈ চাই বাঘটো প্ৰায় পোন্ধৰ দিন পূৰ্বে পৰস্পৰৰ মাজত হোৱা যুঁজত মৃত্যু হৈছে বুলি বন বিভাগে সন্দেহ প্ৰকাশ কৰিছে। এই বাঘটোকে ধৰি চলিত বৰ্ষত দুটা ঢেঁকীয়াপতীয়া বাঘ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰস্পৰৰ মাজত যুঁজ লাগি মৃত্যুৰ মুখত পৰিছে।
উল্লেখ্য যে ইয়াৰ পূৰ্বে চলিত বৰ্ষত ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি বনাঞ্চলৰ ৰৌমাৰী বন শিবিৰ এলেকাত এনেদৰে পৰস্পৰৰ মাজত যুঁজত এটা ঢেকীয়াপতীয়া বাঘৰ মৃত্যু হৈছিল। আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰ, কেন্দ্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণৰ প্ৰতিনিধি হিচাপে দা কৰবেট ফাউণ্ডেশ্যনৰ উপ-সঞ্চালক ডা.নবীন পাণ্ডে, অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়া আদিৰ উপস্থিতিত পশু চিকিৎসক প্ৰাণজিৎ বসুমতাৰী আৰু ডব্লিও ডব্লিও এফৰ পশু চিকিৎসক পৰীক্ষিত কাকতীয়ে বাঘটোক মৰণোত্তৰ পৰীক্ষা কৰাৰ পাছত কেন্দ্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণৰ নীতি নিৰ্দেশনাৰ মতে উদ্যানৰ ভিতৰতে দাহ কৰা হয়।
উল্লেখ্য, বিগত বৰ্ষতো এনেদৰে কেইবাটাও ঢেকীয়াপতীয়া বাঘ পৰস্পৰৰ মাজত লগা যুঁজত আৰু স্বাভাৱিকভাৱে মৃত্যু হৈছিল বুলি বিভাগীয় সূত্ৰে প্ৰকাশ কৰিছে৷