কাজিৰঙা, পলিমা চেতিয়া বসুমতাৰীঃ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত কাজিৰঙা জাতীয় অৰ্কিড উদ্যানত বুধবাৰৰপৰা দুদিনীয়াকৈ আয়োজন কৰা হৈছে ন-ভুঁই ৰোৱা উৎসৱ৷ কৃষক নেতা অখিল গগৈয়ে স্থানীয় গাঁওবাসীৰ সহযোগত বন্তি প্ৰজ্বলন আৰু সামুহিক প্ৰাৰ্থনাৰে পুৱা ন-ভুই ৰোৱা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে৷ বন্তি প্ৰজ্বলনৰ লগতে ৰোপন কৰা শস্যৰ গুটি অধিক লাগিবৰ বাবে হেলচ গছ আৰু গছৰ গুৰি সবল হ’বৰ বাবে কলিয়া কচুৰ গছ ৰোপন কৰি ন-ভুঁই ৰোৱা আৰম্ভ কৰে৷
১২০ বিঘা মাটিত ২৫৫ বিধ থলুৱা ধানৰ শস্য ৰোপনে ন-ভুঁইৰ দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হয়৷ প্ৰথম দিনা ন-ভুঁই উৎসৱত কলা জহাৰ পাঁচটা প্ৰজাতিৰ বীজ ৰোপন কৰা হয়৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় আৰু জিলাৰ বিষয়ববীয়াৰ লগতে স্থানীয় কৃষক ৰাইজে সহযোগ কৰা ন-ভুঁই ৰোপন কাৰ্যসূচীত কৃষক নেতা অখিল গগৈয়ে সকলোৰে লগত একেলগে হাল বোৱাৰ লগতে ৰোৱনীৰ সৈতে একেলগে ন-ভুঁইৰ কঠিয়া ৰোপন কৰে৷