পলিমা চেতিয়া বসুমতাৰী, কাজিৰঙাঃ ৰাজ্যত পুনৰ বিষাক্ত সুৰাৰ ট্ৰেজেডী৷ গোলাঘাট-যোৰহাটৰ পাছত এইবাৰ পুনৰ গোলাঘাট জিলাৰ অন্তৰ্গত কাজিৰঙাৰ গেলেকী গাঁৱত বিষাক্ত চুলাই সেৱন কৰি দুজন লোকে অকালতে মৃত্যুক সাৱটি ল’ব লগাৰ দৰে কৰুণ ঘটনা সংঘটিত হোৱাৰ লগতে এজন লোক অতি সংকট জনক অৱস্থাত যোৰহাটৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ থাকিবলগীয়া হৈছে।
এই ঘটনাৰ স্থান কহঁৰা আৰক্ষী চকীৰ অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণে থকা গেলেকী মিকিৰ গাঁও৷ উল্লেখ্য যে, গাঁৱখনৰ তিনি বন্ধু ক্ৰমে দিলীপ তামুলী, নীৰেন বাউৰী আৰু হিৰণ্য কুৰ্মীয়ে মঙলবাৰে নিশা একেলগে সুৰাপান কৰিছিল৷ দিলীপ তামুলীৰ ভাড়াঘৰত নিশা মজিয়াত বহি তিনি বন্ধুয়ে মাংসৰ সৈতে চুলাই সেৱন কৰিছিল বুলি দিলীপ তামুলীৰ ৯ মহীয়া গৰ্ভৱতী পত্নীয়ে জানিবলৈ দিয়ে৷