কাজিৰঙাঃ অৱশেষত বোকাখাত মহকুমাৰ কুৰুৱাবাহীৰ ৰাইজে যোৱা নিশা মুকলি কৰি দিয়ে খাৰুৱা তেল উদঘাটনৰ নামত বেআইনীভাৱে ভূ-কম্পন জৰীপ চলোৱা আলফাজিঅ’ নামৰ বহিৰাগত কোম্পানীটোৰ কৰ্মকৰ্তাক।
বোকাখাত আৰক্ষী জৰীপথলীত উপস্থিত হৈ আৰক্ষীৰ লগতে কোম্পানীৰ কৰ্মকৰ্তাই ভূ-কম্পন জৰীপৰ কাম পুনৰ নকৰা সন্দৰ্ভত লিখিত প্ৰতিশ্ৰুতি দিয়াৰ পাছতহে গাড়ীসহ ৰাইজে আৱদ্ধ কৰি ৰখা কোম্পানীটোৰ কৰ্মকৰ্তাক আৰক্ষীক গতাই দিয়ে। ৰাইজে কৰা অভিযোগ অনুসৰি, ভূ-কম্পন জৰীপ চলোৱাৰ উদ্দেশ্যত মেৰকাণ গাঁৱত শনিবাৰে দিনৰ ভাগত বিভিন্ন যন্ত্ৰপাতিৰ সহায়ত আলফাজিঅ’ নামৰ কোম্পানীটোৰ কৰ্মকৰ্তাই ভূ-কম্পন জৰীপৰ কাম আৰম্ভ কৰিছল৷ 