72
কাজিৰঙাঃ কাজিৰঙাত মৃত্যু হৈছে এটা বনৰজাৰ। উদ্যানৰ বাগৰি বনাঞ্চলৰ ৰৌমাৰিত মৃত্যু হৈছে প্ৰকাণ্ড ঢেকীয়াপতীয়াটোৰ। ৪/৫ দিনৰ পূৰ্বে মৃত্যু হোৱা বাঘটো আজি দুপৰীয়া উদ্ধাৰ কৰে কাজিৰঙা বনবিভাগে।
উদ্যানৰ বন সংৰক্ষক জৰ্জেজ আহমেদ আৰু বন প্ৰাধিকাৰী বিষয়া ৰোহিণী শইকীয়াৰ উপস্থিতিত পশু চিকিৎসক প্ৰাণজিৎ বসুমতাৰী আৰু নবীন পাণ্ডেৰ নেতৃত্বত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয় বাঘটোৰ।