46
কাজিৰঙা, পলিমা চেতিয়া বসুমতাৰীঃ কাজিৰঙাৰ গেলেকীত মঙলবাৰে নিশা সংঘটিত হৈছে ভয়াৱহ দুৰ্ঘটনা৷ তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে এগৰাকী স্কুটী আৰোহীক৷ জানিব পৰা মতে, মঙলবাৰে নিশা ৮-৪৫ মান বজাত সংঘটিত হয় কৰুণ ঘটনাটো৷
কাজিৰঙাৰপৰা নিজা স্কুটীৰে বোকাখাতৰ নিজা বাসগৃহলৈ আহি থকা অৱস্থাত কাজিৰঙাৰ গেলেকীৰ এন আৰ এল পেট্ৰলপাম্পৰ ওচৰতে সংঘটিত হয় দুৰ্ঘটনাটো৷ বিপৰীত দিশৰপৰা আহি এখন ট্ৰাকে মহতিয়াই নিয়ে স্কুটী আৰোহী অজয় দাসক৷