কাজিৰঙাঃ কাজিৰঙাৰ বাগৰিত শুকুৰবাৰে ট্ৰাকৰ চকা মেৰামতি কৰি থকা অৱস্থাত বিস্ফোৰিত হৈ এজন কিশোৰ নিহত হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়।
জানিব পৰা মতে দুৱাৰ বাগৰি আৰক্ষী চকীৰ অধীনত বাগৰিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অৱস্থিত এখন ৱেলডিং কৰা দোকানত দুপৰীয়া প্ৰায় ১-৩০ বজাত আশ্ৰাফুল ইছলাম (১৬) নামৰ কিশোৰজনে ট্ৰাকৰ চকা মেৰামতি কৰি থকা অৱস্থাত হঠাৎ বায়ু ভৰ্তি ট্ৰাকৰ চকাটো ফুটি চকাটোত লাগি থকা লোৰ টুকুৰাই আঘাত কৰাত আশ্ৰাফুলৰ ঘটনাস্থলীতে মৃত্যু হয়।