Home ৰাজ্যজলমগ্ন কাজিৰঙাত জীৱকূলৰ হাহাকাৰ, হাইলেণ্ড কেতিয়া?

জলমগ্ন কাজিৰঙাত জীৱকূলৰ হাহাকাৰ, হাইলেণ্ড কেতিয়া?

by News Desk
67 views
A+A-
Reset

গুৱাহাটী/কাজিৰঙাঃ প্ৰতিবছৰৰ দৰে এইবাৰো বানৰ ফলত মানুহৰ দৰে নাজল-নাথল অৱস্থা হৈ পৰিছে কাজিৰঙাৰ জীৱকূলৰ৷ প্ৰতিশ্ৰুতি অনুযায়ী গঁড় হত্যা ৰোধ কৰিব নোৱাৰা নতুন চৰকাৰখনে বানপানীৰ সময়ত জীৱ-জন্তুৰ বাবে হাইলেণ্ডৰ ব্যৱস্থা কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ পৰিপ্ৰেক্ষিততে এতিয়া ৰাষ্ট্ৰীয় উদ্যানখনত অসহায় হৈ পৰিছে অসম গৌৰৱ গঁড়কে আদি কৰি প্ৰতিটো জীৱ-জন্তু।

১৫ বছৰীয়া কংগ্ৰেছৰ শাসনত কেইবাবাৰো জীৱ-জন্তুৰ বাবে হাইলেণ্ড নিৰ্মাণৰ বাবে যোজা চলাইছিল যদিও সকলোবোৰ ফুটুকাৰ ফেন হৈ থাকিল৷ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনেও চৰকাৰ গঠনৰ পাছতে কাজিৰঙা জীৱ-জন্তু ৰক্ষাৰ বাবে ন-ন আঁচনি ঘোষণা কৰিছিল যদিও ৰাষ্ট্ৰীয় উদ্যানখনৰ জীৱ-জন্তুৱে এটুকুৰা ওখ ঠাইৰ বাবে ককবকাবলগীয়াত পৰিছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0