কাজিৰঙাঃ এইবাৰ নিৰ্বাচন আয়োগে প্ৰথমবাৰৰ বাবে লোকসভা নিৰ্বাচনত ভিভি পেট মেচিনৰ ব্যৱস্থা কৰিছে৷ এই ভিভি পেট ব্যৱস্থাৰ বিষয়ে সাধাৰণ ভোটদাতা ৰাইজক অৱগত কৰাৰ লগতে ইয়াৰে সজাগতাৰ সৃষ্টি কৰিবৰ বাবে বোকাখাত মহকুমা প্ৰশাসনে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ৷
বোকাখাত মহকুমা প্ৰশাসনৰ উদ্যোগত আৰু SVEEPৰ অধীনত বোকাখাতৰ ৰাজপথৰ দাঁতিয়ে-দাঁতিয়ে, গাঁৱে-ভূঞে চলিছে এতিয়া ভিভি পেট মেচিন ব্যৱস্থাৰ সজাগতাৰ অনুষ্ঠান৷
উল্লেখ্য যে, ইভিএম মেচিনত বুটাম টিপি ভোটদান কৰা পাছত ভোটদাতাই কাষতে থকা ভিভি পেট মেচিনৰ স্কীণত মাত্ৰ ৭ ছেকেণ্ডৰ বাবে তেওঁৰ নিজৰ ভোটটো পচন্দৰ প্ৰাৰ্থীজনলৈ গৈছে নে নাই সেই সম্পৰ্কত চাব পাৰিব৷
সেই ব্যৱস্থাৰ জৰিয়তে ভোটদাতা ব্যক্তিজনে নিশ্চিত হ’ব পাৰিব তেওঁৰ নিজৰ ভোটটো পচন্দৰ প্ৰাৰ্থীজনলৈ গৈছে নে নাই৷ এই ভিভি পেট মেচিনৰ ব্যৱস্থাৰ জৰিয়তে ভোটদাতা ব্যক্তিজন নিশ্চিত হ’ব তেওঁৰ ভোটদানত৷
বোকাখাতৰ ৰাজপথৰ দাঁতিত ৰাইজৰ মাজত এতিয়া এনেদৰেই চলাইছে বোকাখাত মহকুমা প্ৰশাসনে ভিভি পেট মেচিনৰ সজাগতা অনুষ্ঠান৷