পলিমা চেতিয়া বসুমতাৰী, কাজিৰঙাঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষেদি বৈ যোৱা ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে প্ৰতি বছৰে প্ৰলয়ংকাৰী বানপানীৰ সৃষ্টি কৰাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড়, পহু, ম’হ আদি বহু সংখ্যক বন্যপ্ৰাণী মৃত্যুৰ মুখত পৰিবলগা হয়।
প্ৰতি বছৰৰ দৰে এইবাৰো ব্ৰহ্মপুত্ৰ, ধনশিৰি আদিৰ বাঢ়নী পানীয়ে ৰাষ্ট্ৰীয় উদ্যানখনত সম্ভাব্য বানপানীৰ প্ৰতি লক্ষ্য ৰাখি সোমবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত কাজিৰঙাৰ কহঁৰাত অৱস্থিত বন বিভাগৰ শতবৰ্ষ আলোচনা গৃহত বন বিভাগৰ বিষয়া-কৰ্মী, বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন, পাৰিপাৰ্শ্বিক উন্নয়ণ সমিতি, আৰক্ষী, মহকুমা প্ৰশাসন, গাঁওবুঢ়া আদিৰ উপস্থিতিত বন্য প্ৰাণী উদ্ধাৰ আৰু সুৰক্ষা সম্পৰ্কে এক গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয়।