কাজিৰঙাঃ গোলাঘাট আৰু যোৰহাটত চুলাই-মদে মৃত্যুৰ বিভীষিকা সৃষ্টি কৰাৰ পাছত চুলাই-মদৰ বিৰুদ্ধে সৰৱ হৈছে কাজিৰঙাৰ বিভিন্ন দল-সংগঠন। আনকি, কাজিৰঙাৰ কাষৰীয়া গোলাঘাট-কাৰ্বি আংলং সীমান্তৰ ৩০ টাকৈ চুলাই ঘাটি উচ্ছেদৰ আহ্বান জনাই কাজিৰঙাৰ চুলাই বেপাৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে সচেতন ৰাইজে। 

ৰাইজে কয় যে গোলাঘাট-কাৰ্বি আংলং সীমান্তৰ মাজলাইন, ৰঙাজান, দিৰিং, হাতীখুলি আদিকে ধৰি বিভিন্ন এলেকাত দীৰ্ঘদিন ধৰি অবৈধভাৱে চুলাই-মদ তৈয়াৰ কৰাৰ লগতে বিক্ৰী কৰি থকা হৈছে। এই সন্দৰ্ভত বিভিন্ন সময়ত ৰাইজে কৰা অভিযোগৰ ওপৰত ভিত্তি কৰি আবকাৰী আৰু আৰক্ষীয়ে অভিযান চলায় যদিও অভিযানৰ দুদিন মানৰ পাছৰপৰা পুনৰ সক্ৰিয় হয় চুলাই-মদ তৈয়াৰ কৰা এই অসামাজিক লোকসকল। 

অভিযোগ মতে, বোকাখাতৰ আৱকাৰী বিভাগৰ ঘোচখোৰ বিষয়া-কৰ্মচাৰীয়ে মাহেকীয়া কমিচনৰ ভিত্তিত চুলাই-মদৰ লাইচেন্স দি অবৈধ কাৰ্যকলাপ চলাই থকাত উদগণি দি আহিছিল। 

আনকি, একাংশ দল-সংগঠনেও চুলাই বেপাৰীৰপৰা মাহেকীয়া ভিত্তিত কমিচনৰ ভাগ পোৱাৰ বাবে সকলো নিশ্চুপ হৈ থাকে। কিন্তু, শেহতীয়াভাৱে গোলাঘাট আৰু যোৰহাট-কাণ্ডই সমগ্ৰ ৰাজ্যত কান্দোনৰ ৰোল তোলাৰ পাছতো কাজিৰঙাত থকা চুলাই ঘাটিবোৰ সক্ৰিয় হৈয়েই আছে।

এই অবৈধ কাৰ্যকলাপ বন্ধ কৰাৰ দাবীত অসম চাহ মজদুৰ সংঘৰ লগতে আটছা আৰু হাতীখুলি চাহ বাগিছা কৰ্তৃপক্ষৰ তৰফৰপৰা কহঁৰা আৰক্ষী চকীত এজাহাৰ দাখিল কৰা হৈছে। আশ্চৰ্যজনকভাৱে চুলাই ঘাটি ভাঙিবলৈ গ'লে বেপাৰীয়ে আৰক্ষীক আক্ৰমণ কৰে বুলি অকপট তথা নিৰ্লজ্জ স্বীকাৰোক্তি সংগঠনকেইটাই এজাহাৰ দাখিলৰ সময়ছোৱাত কহঁৰা আৰক্ষীয়ে প্ৰকাশ কৰাত সংগঠনকেইটা সৰৱ হৈ পৰে।

এজাহাৰকাৰীয়ে আৱকাৰী-আৰক্ষীৰ ভূমিকাক সমালোচনা কৰাৰ লগতে শীঘ্ৰে অবৈধভাৱে তৈয়াৰ কৰা চুলাই-মদৰ ঘাটি তথা বেপাৰ উচ্ছেদ কৰিবলৈ আহ্বান জনায়। অন্যথা, ৰাইজে ব্যৱস্থা গ্ৰহণ কৰিলে তাৰ বাবে দায়ী চৰকাৰী পক্ষ হ’ব।