ডিজিটেল ডেস্কঃ দিল্লীৰ আম আদমি পাৰ্টিৰ চৰকাৰে বুধবাৰে তিনি বছৰ সম্পূৰ্ণ কৰিলে৷ ২০১৫ চনৰ বিধানসভা নিৰ্বাচনত ৭০খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি ৬৭খন আসন দখল কৰি আম আদমি পাৰ্টিয়ে চৰকাৰ গঠন কৰিছিল৷ ২০১৫ চনৰ ১৪ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰা মুখ্যমন্ত্ৰী কেজৰিৱালে বৰ্ষপূৰ্তি উপলক্ষে বুধবাৰে এনডিএমচি অভিৱৰ্তন কেন্দ্ৰত অনুষ্ঠিত অনুষ্ঠানত মুখ্যমন্ত্ৰী কেজৰিৱালে কেবিনেট মন্ত্ৰীৰ লগতে দিল্লীৰ সাধাৰণ জনতাৰ সৈতে মত বিনিময় কৰে৷

অনুষ্ঠানত কেজৰিৱালে কয়, আমি ইতিমধ্যে তিনি বছৰ সম্পূৰ্ণ কৰিছোঁ৷ আমাৰ চৰকাৰে যি কাম কৰিম বুলি প্ৰতিশ্ৰুতি দিছিলোঁ সেই কাম কৰিলো৷ প্ৰতিশ্ৰুতি অনুসৰি এই তিনি বছৰত প্ৰায় ৯০ শতাংশ কাম সম্পূৰ্ণ কৰা হৈছে আৰু বাকী থকা কামসমূহো কম দিনতেই সম্পূৰ্ণ কৰা হ’ব৷ উল্লেখ্য যে আম আদমি পাৰ্টিয়ে শাসনলৈ আহিলে বিনামূলীয়াকৈ ৱাই-ফাই সেৱা সংযোগ কৰা হ’ব বুলি দিল্লীবাসীক কথা দিছিল৷

এই প্ৰতিশ্ৰুতি দিয়াৰ বাবে ২০১৫ চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত বিধানসভা নিৰ্বাচনত যুৱ প্ৰজন্মৰ সমৰ্থন লাভ কৰিছিল বুলি চৰ্চা হয়৷ কেজৰিৱালে লগতে কয়, নিৰ্বাচনৰ পূৰ্বে আমি দিয়া মুখ্য প্ৰতিশ্ৰুতি সমূহৰ ভিতৰত বিনামূলীয়া ৱাই-ফাই সেৱা সংযোগ কৰাৰ প্ৰতিশ্ৰুতি আছিল অন্যতম৷ অতিশীঘ্ৰেই ৰাষ্ট্ৰীয় ৰাজধানীত বাস কৰা সকলো লোককেই এই বিনামূলীয়া সুবিধা প্ৰদান কৰাৰ তাৰিখ ঘোষণা কৰা হ’ব৷

এই সেৱাৰ উপলব্ধ কৰিবৰ বাবে বাজেটত সুকীয়াকৈ ইয়াৰ ধনৰাশি নিৰ্ধাৰণ কৰা হ’ব৷ উল্লেখ্য যে আম আদমি পাৰ্টিয়ে ২০১৬ চনৰ ডিচেম্বৰ মাহৰ ভিতৰত পূৱ দিল্লীৰ ৫০০ৰো অধিক গাঁৱত খৰতকীয়া বিনামূলীয়া ৱাই-ফাই সেৱা সংযোগ কৰাৰ কথা আছিল কিন্তু চৰকাৰে প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰা বুলি বিৰোধী দলসমূহে দাবী উত্থাপন কৰে৷ বুধবাৰে অনুষ্ঠিত চৰকাৰৰ তিনিবছৰীয়া বৰ্ষপূৰ্তি অনুষ্ঠানত কেজৰিৱালে মহিলাক সুৰক্ষা প্ৰদান কৰিবৰ বাবে দিল্লীৰ বিভিন্ন স্থানত চিচি টিভি কেমেৰা লগোৱাৰ কামো আৰম্ভ কৰা হ’ব বুলি কয়৷