নতুন দিল্লীঃ ‘দিল্লীৱালো, আই লাভ ইউ।’- বৃহৎ জয় সাব্যস্ত কৰি মঙলবাৰে বিয়লিৰ ভাগত এইদৰে দিল্লীবাসীক ধন্যবাদ জ্ঞাপন কৰে আম আদমী পাৰ্টী চমুকৈ আপৰ মূৰব্বী অৰবিন্দ কেজৰিৱালে। তেওঁ কয় যে এই জয়ে এক নতুন ৰাজনীতিক সম্পূৰ্ণৰূপে মান্যতা প্ৰদান কৰিলে যি নেকি ‘কাম’ৰ ওপৰত প্ৰতিষ্ঠিত। এই জয়ক তেওঁ ‘ভাৰত মাতাৰ জয়’ হিচাপেও অভিহিত কৰে।
বিজয় নিশ্চিত হৈ পৰাৰ পিছতে বিয়লি প্ৰায় ৩-৩০ বজাত আপ কাৰ্যালয়ত আয়োজিত বিজয় উৎসৱত ভাগ লৈ কেজৰিৱালে ইয়াৰ কৃতিত্ব হনুমানকো অৰ্পণ কৰে। ‘আজি মঙলবাৰ, এয়া হনুমানৰেই দিন। হনুমানে দিল্লীক আজি আশীৰ্বাদেৰে উপচাই দিছে।’- ভক্তিভাৱেৰে এইদৰে কয় নিৰ্বাচনৰ প্ৰাকক্ষণত হনুমান চালিছা পাঠ কৰি বিজেপিৰ আক্ৰমণৰ সন্মুখীন হৈ পৰা কেজৰিৱালে।