তামোলপুৰঃ বাক্সা জিলা তামোলপুৰ থানাৰ অন্তৰ্গত গান্ধীবাৰী আৰক্ষী চকীৰ অধীনৰ কেঁকেৰীকুছি চ’কত আজি দিন দুপৰতে সংঘটিত হোৱা এক ধন লুটৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
জানিব পৰা মতে উত্তৰ-পূৱ ক্ষুদ্ৰ বিত্তীয় বেংকৰ তুলসীবাৰী শাখাৰ দুজন ক্ৰেডিট বিষয়া সোণমনি কলিতা আৰু ভাস্কৰ কলিতাই ঔখাৰী গাঁৱৰ পৰা গোটৰ ঋনৰ কিস্তিৰ ধন সংগ্ৰহ কৰি কেঁকেৰীকুছি গাঁৱৰ মাজেৰে নিজ কাৰ্যালয়লৈ আহি থাকোতে কোনো দুৰ্বৃত্তই বেংক বিষয়া দুজনৰ পৰা এই ধন লুট কৰি নিয়ে ৷ এখন পালচাৰ বাইকত মুখত ক’লা কাপোৰ বান্ধি অহা দুৰ্বৃত্তই এ এছ – ০১ডি এল ৯৭১৬ নম্বৰৰ স্কুটীত আহি থকা বেঙ্ক বিষয়া দুজনক কেকেৰীকুছি চ’কত বাট আগচি ধৰি মৃত্যুৰ ভাবুকি দেখুৱাই টকাৰ বেগটো কাঢ়ি লৈ যুৱক দুজন কেকেৰীকুছি চ’কৰ পৰা অহা বাটেৰে পলায়ন কৰে ৷