Home ৰাজ্যনগাঁৱত ৪৩ কেকোঁসাপ উদ্ধাৰ, আটক তিনি চোৰাং ব্যৱসায়ী

নগাঁৱত ৪৩ কেকোঁসাপ উদ্ধাৰ, আটক তিনি চোৰাং ব্যৱসায়ী

by News Desk
57 views
A+A-
Reset

চামগুৰিঃ নগাঁও আৰক্ষীৰ জালত পৰিছে কেঁকোসাপৰ চোৰাং ব্যৱসায়ী৷ এক বিশেষ সূত্ৰৰ পম খেদি নগাঁও আৰক্ষীয়ে পুৰণিগুদামৰ পোতনি মুছলমানগাঁৱত চলোৱা এক অভিযানত বিৰল প্ৰজাতিৰ ৪৩ ডালকৈ কেঁকোসাপ উদ্ধাৰ কৰাৰ লগতে ৩ জনকৈ লোকক আটক কৰিবলৈ সক্ষম হয়৷

ধৃত তিনিজনলোক ক্ৰমে মুছফিকুল ৰহমান, নাজিৰ আলি, জিতেন শইকীয়া বুলি জানিব পৰা গৈছে৷ বিশেষ সূত্ৰে জানিব পৰামতে, এই চক্ৰটোৱে নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা বিৰল প্ৰজাতিৰ কেঁকোসাপ সংগ্ৰহ কৰি ডিমাপুৰলৈ সৰবৰাহ কৰি আহিছিল৷ বৰ্তমান আৰক্ষীয়ে কেঁকোসাপ কেইডাল নগাঁও বনবিভাগক গতাই দিয়াৰ লগতে চোৰাং ব্যৱসায়ী তিনিজনক মাৰাথান জেৰা চলাই আছে। বৰ্তমান নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত কেঁকোসাপৰ চোৰাং ব্যৱসায় অব্যাহত অাছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0