newsnextone.com | ডিজিটেল ডেস্কঃ কেৰেলাৰ বান পৰিস্থিতিয়ে ভয়াবহ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। যোৱা ৯ দিনত ৰাজ্যখনৰ বানত ১৬৭ জন লোকে প্ৰাণ হেৰুৱাইছে বুলি ইতিমধ্যে ৰাজ্যখনৰ চৰকাৰে প্ৰকাশ কৰিছে। কেৰেলাৰ এনে বান পৰিস্থিতিৰ বুজ ল'বলৈ শুকুৰবাৰে ৰাজ্যখনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী উপস্থিত হোৱাৰ বিষয়ে জানিব পৰা গৈছে।

ধাৰাসাৰ বৃষ্টি, ক্ৰমাগতভাৱে বৃদ্ধি পাই থকা জলস্তৰৰ ফলত কেৰালাবাসীৰ বাবে বিপদ বৃদ্ধি পাইছে। সাধাৰণ বৰ্ষাপাততকৈ প্ৰায় ১০ গুণ মুষলধাৰা বৰষুণে ৰাজ্যখনৰ বিভিন্ন জিলাত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। আনহাতে, প্ৰবল বৰ্ষাপাত আৰু বাঢ়নী পানীৰ ফলত বৃহস্পতিবাৰে ৰাজ্যখনৰ বিভিন্ন অঞ্চলত ৩০ জন লোকৰ মৃত্যু ঘটে।

পেৰিয়াৰ নদীৰ উপচি পৰা বানে ত্ৰিশূল জিলাৰ চালাকুডি চহৰ সমূদ্ৰ সদৃশ কৰি তুলিছে। তদুপৰি পাথানামথিত্তা আৰু আলাপ্পুজা চহৰতো ধাৰাষাৰ বৃষ্টিয়ে তাণ্ডৱ চলাইছে। ৰাজ্যখনৰ আটাইতকৈ ক্ষতিগ্ৰস্ত চহৰ হিচাপে পৰিণত হৈছে ইদ্দুকি চহৰ।

ৰাজ্যখনৰ বান পৰিস্থিতিয়ে ভয়াবহ ৰূপ ধাৰণ কৰাৰ প্ৰৰিপ্ৰেক্ষিতত সদ্য প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ শেষকৃত্য সম্পন্ন হোৱাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কেৰেলাত উপস্থিত হোৱাৰ বিষয়ে জানিবলৈ দিয়ে। এই সন্দৰ্ভত এক টুইট কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয়, 'কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নৰ সৈতে ফোনত বাৰ্তালাপ হৈছে।ৰাজ্যখনৰ বান পৰিস্থিতি আৰু উদ্ধাৰ সম্পৰ্কে আমি তেওঁৰ সৈতে আলোচনা কৰিছো। আজি সন্ধিয়া বানবিধ্বস্ত কেৰেলালৈ ৰাওনা হম।'

ইফালে, নেচনেল ডিজাষ্টাৰ ৰেছৰপন্স ফ'ৰ্চৰ ১২ টা উদ্ধাৰকাৰী দলে ৰাজ্যখনৰ বিভিন্ন ক্ষতিগ্ৰস্থ অঞ্চলত উদ্ধাৰ অভিযান চলাই আছে বুলি জানিব পৰা গৈছে। শুকুৰবাৰে উদ্ধাৰৰ বাবে পুনৰ NDRFৰ ৩৫ টা উদ্ধাৰকীৰৰ দল কেৰেলাত উপস্থিত হৈছে। আনহাতে ৰাজ্যখনত শনিবাৰ পৰ্যন্ত প্ৰচণ্ড বৰ্ষাপাত হোৱাৰ আগজাননী প্ৰকাশ কৰি বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যখনৰ ১৪ খন জিলাৰ ভিতৰত ১৩ খনতেেই ৰেড এলাৰ্ট জাৰি কৰিবলৈ নিৰ্দেশ দিছে।