newsnextone.com | ডিজিটেল ডেস্কঃ কেৰেলাৰ বান পৰিস্থিতিয়ে ভয়াবহ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। যোৱা ৯ দিনত ৰাজ্যখনৰ বানত ১৬৭ জন লোকে প্ৰাণ হেৰুৱাইছে বুলি ইতিমধ্যে ৰাজ্যখনৰ চৰকাৰে প্ৰকাশ কৰিছে। কেৰেলাৰ এনে বান পৰিস্থিতিৰ বুজ ল’বলৈ শুকুৰবাৰে ৰাজ্যখনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী উপস্থিত হোৱাৰ বিষয়ে জানিব পৰা গৈছে।
ধাৰাসাৰ বৃষ্টি, ক্ৰমাগতভাৱে বৃদ্ধি পাই থকা জলস্তৰৰ ফলত কেৰালাবাসীৰ বাবে বিপদ বৃদ্ধি পাইছে। সাধাৰণ বৰ্ষাপাততকৈ প্ৰায় ১০ গুণ মুষলধাৰা বৰষুণে ৰাজ্যখনৰ বিভিন্ন জিলাত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। আনহাতে, প্ৰবল বৰ্ষাপাত আৰু বাঢ়নী পানীৰ ফলত বৃহস্পতিবাৰে ৰাজ্যখনৰ বিভিন্ন অঞ্চলত ৩০ জন লোকৰ মৃত্যু ঘটে।