খৈৰাবাৰীঃ খৈৰাবাৰীৰ বালিসিঠা প্ৰাথমিক বিদ্যালয়ৰ শতবৰ্ষ সামৰণি অনুষ্ঠানটি তিনিদিনীয়াকৈ ২৩, ২৪ আৰু ২৫ মাৰ্চত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়৷

সোমবাৰে সামৰণি দিনা এটি সমবেত সংগীতেৰে মুকলি সভা আৰম্ভ কৰা হয়৷ প্ৰাক্তন জ্যেষ্ঠ ছাত্ৰ অৰুন চন্দ্ৰ দাসৰ সঞ্চলনাত অনুষ্ঠিত মুকলি সভাখন উদ্বোধন কৰে প্ৰাক্তন ছাত্ৰ তথা নাবাৰ্ডৰ অৱসৰী মহাপ্ৰবন্ধক দেবেন ডেকাই৷ 

মুকলি সভাত বিশিষ্ট লেখক-সমালোচক-সাহিত্যিক ময়ুৰ বৰাই নিৰ্দিষ্ট বক্তা হিচাবে উপস্থিত থাকি কয় যে সমাজে বিদ্যালয়সমূহৰ দায়িত্ব, কৰ্তব্য আৰু উত্তৰণৰ সুচিন্তা কৰা উচিত৷ তেতিয়াহে নৱ-প্ৰজন্ম বা ভাল নাগৰিক সৃষ্টি হ’ব৷ নিজৰ মাতৃভাষাৰ উত্তৰণৰ বাবে প্ৰতিজন অভিভাৱকে চিন্তা কৰা উচিত৷

বিদ্যালয়ৰ প্ৰধান শিক্ষক লোহিত শইকীয়াই প্ৰতিবেদন পাঠ কৰাৰ পাছতে বিদ্যালয়ৰ স্মৃতিগ্ৰন্থ 'বালিচন্দা’ উন্মোচন কৰে বড়ো সাহিত্য সভাৰ উপ-সভাপতি কমলাকান্ত মোছাহাৰীয়ে৷ উন্মোচন কৰি ভাষণত তেওঁ কয় যে মাতৃভাষাৰ মাধ্যমক অৱহেলা নকৰি বিশ্বাস ৰাখিলেহে নিজৰ ভাষাক শ্ৰদ্ধা কৰা হ’ব৷ পিতৃ-মাতৃসকলৰ আত্মবিশ্বাস থাকিব লাগিব৷ মাতৃভাষাৰ মাধ্যমত ল’ৰা-ছোৱালী পঢ়ি দেশৰ বহুজনে উচ্চপদস্থ বিষয়াৰ সৃষ্টি হৈছে৷

মুকলি সভাত বিটিচিৰ কাৰ্যবাহী সদস্য লৌমশ্ৰাও দৈমাৰী, উপাধ্যক্ষ নেৰচন বড়ো, স্থানীয় বিধায়ক মহেশ্বৰ বড়ো, খৈৰাবাৰী কলেজৰ অধ্যক্ষ হিৰণ ডেকা নাৰ্জী, খৈৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ খগেন বড়ো আদিয়ে অংশগ্ৰহণ কৰে৷ 

সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানেৰে শতবৰ্ষ সামৰণি পৰে৷