খৈৰাবাৰীঃ ওদালগুৰিৰ খৈৰাবাৰীৰ ঠাকুৰীয়া পাৰাত দুদিনীয়াকৈ ১৯ আৰু ২০ ফেব্ৰুৱাৰীত বিশ্ববীৰ চিলাৰায়ৰ ৫০৯ সংখ্যক জন্ম জয়ন্তী ঠাকুৰীয়াপাৰাত উদযাপন কৰা হয়৷ ঠাকুৰীয়াপাৰ আৰু খৈৰাবাৰী আক্ৰাছুৰ উদ্যোগত অনুষ্ঠিত বীৰ চিলাৰায় দিৱসৰ মুকলি সভাত বি টি চিৰ কাৰ্যবাহী সদস্য দৈমাৰীয়ে ভাষণত কয় যে কোচ ৰাজবংশী সকলক জনজাতিকৰণত আপত্তি নাই আৰু জনজাতি কৰা হওক৷

বিশিষ্ট ব্যক্তি ৰত্নেশ্বৰ পাতোৱাৰীয়ে উদ্বোধন কৰা সভাত মুখ্য অতিথিৰূপে কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক কৰ্মেশ্বৰ ৰায়ে ভাষণ ৰাখে৷ বিশিষ্ট অতিথিৰূপে কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি দিব্যজ্যোতি কুমাৰ ডেকা, নিৰ্দিষ্ট বক্তা হিচাপে বিশিষ্ট গৱেষক লেখক দীপেন্দ্ৰ নাৰায়ন কোঁৱৰ, ওদালগুৰি জিলা আক্ৰাছুৰ সভাপতি হেমন্ত বৰা কোচ আদিয়ে উপস্থিত থাকি ভাষণ প্ৰদান কৰে৷