ফখৰুল ইছলাম, দৰংঃ দৰঙৰ খাৰুপেটীয়াৰ নিকটৱৰ্তী বুঢ়ীগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় ভয়ানক পথ-দুৰ্ঘটনা৷ উল্লেখ্য যে দেওবাৰে সন্ধিয়াৰ তেজপুৰৰপৰা গুৱাহাটীমুখী তীব্ৰবেগী আলট্ৰা বাছ আৰু স্কুটীৰ মুখা-মুখী সংঘৰ্ষ হোৱাত বিজয় সাহা নামৰ এজন স্কুটী আৰোহি থিতাতে নিহত হোৱাৰ লগতে উত্তম সাহা নামৰ আন এজন গুৰুতৰভাৱে আহত হয়|
নিহত বিজয় সাহাৰ ঘৰ খাৰুপেটীয়া টাউনৰ টিলাপট্টীত। আহত উত্তম সাহাৰ ঘৰ খাৰুপেটীয়া টাউনৰ গোপাল নগৰত৷ আহত উত্তম সাহাক সংকটজনক অৱস্থাত মংগলদৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়৷