newsnextone.com | খাৰুপেটীয়াঃ ৰাজ্যত পুনৰ সংঘটিত হৈছে মৰিল পুলিচিঙৰ কাণ্ড৷ এইবাৰ শিশু অপহৰণৰ চেষ্টা কৰাৰ অভিযোগত এগৰাকী লোকক মাৰধৰ কৰাৰ ঘটনা পোহৰলৈ আহিছে৷ পুনৰ দৰং জিলাৰ খাৰুপেটীয়াত সংঘটিত হৈছে এই কাণ্ড৷
ৰাজ্যৰ চৌদিশে কিবা এটাই ঘটনা সংঘটিত হলেই মানুহে দৌৰ মাৰি ওলাই আহি উত্তেজিত হৈ পৰে৷ ভয়াবহ ৰূপত মৰেল পুলিচিঙৰ ঘটনা বৃদ্ধি পোৱাত চিন্তিত হৈ পৰিছে ৰাইজ৷ যোৱা কেইবাটাও দিনত সংঘটিত হোৱা কেইবাটাও ঘটনাৰ ফলত সমগ্ৰ ৰাজ্যত উত্তেজনাই বিৰাজ কৰি থকাৰ সময়তে দৰঙৰ খাৰুপেটীয়া নগৰত বুধবাৰে দিন দুপৰতে এজন লোকে পথৰ দাতিত খেলি থকা শিশুক অপহৰণ কৰিবলৈ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰে ৰাইজে ৷ সেই সময়তে লোকজনক আৱদ্ধ কৰি মাৰধৰ কৰে আৰু আৰক্ষীক চমজাই দিয়ে৷ এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷