খাৰুপেটীয়াঃ ১৪ বছৰ বয়সলৈকে চৰকাৰে সকলো শিশুৰ বাবে বিনামূলীয়া বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন বলবৎ কৰাৰ সময়ত দৰং জিলাৰ দলগাঁৱত শিক্ষাৰ অধিকাৰ আইন খনক অংগুষ্ঠ প্ৰদৰ্শন কৰি কণ কণ শিশু সকলক শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত কৰিছে একাংশ সমাজ বিৰোধী চক্ৰই। 

প্ৰাপ্ত তথ্য মতে, দলগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত জামালপুৰ গাঁৱৰ ৪৮ নং (দ্বিতীয় খণ্ড) অংগনাৱাড়ী কেন্দ্ৰৰ নামত আৱন্টিত ভূমি নথকা বাবে দীৰ্ঘদিন ধৰি অস্থায়ীভাৱে গৃহ নিৰ্মাণ কৰি পাঠদান কৰি আছিল যদিও সম্প্ৰতি উক্ত বিদ্যালয়খন একাংশ দুষ্ট চক্ৰই ভাঙি দিয়াৰ ফলত মুকলি আকাশৰ তলত কণ কণ শিশু সকলক পাঠদান কৰিবলগীয়া হৈছে।

নিৰ্মাণ কৰা বিদ্যালয়খনৰ ভূমি কবৰস্থানৰ নামত আৱন্টিত হোৱাৰ অজুহাত দেখুৱাই অংগনাৱাড়ী কেন্দ্ৰটো ভাঙি দিয়াত অঞ্চলটোত চেপা উত্তেজনা বিৰাজ কৰিছে। কেন্দ্ৰটোৰ কৰ্মী মাজেদা বেগমে সংবাদ মাধ্যমৰ আগত অভিযোগ কৰি কয়, ‘কেন্দ্ৰটো মাটিৰ অভাৱত বহুবাৰ স্থানান্তৰিত কৰা হৈছে। কেন্দ্ৰটোৰ নামত মাটি আবন্টন দিবলৈ জিলা উপায়ুক্তক প্ৰায় তিনি শতাধিক স্থানীয় ৰাইজে পত্ৰযোগে দাবী জনাইছিল যদিও জিলা প্ৰশাসনে কোনো বিহিত ব্যৱস্থা নোলোৱাৰ বাবে এনেদৰে বিদ্যালয়খনৰ লগতে ধ্বংস হ’বলৈ গৈ আছে শতাধিক শিশুৰ শৈক্ষিক ভৱিষ্যত।’ 

আনহাতে, শিশুৰ বাবে আৱন্টিত শিশু খাদ্যৰ ধনৰপৰা বাৰে বাৰে একাংশ লোকে টকা বিচাৰি হেঁচা প্ৰয়োগ কৰিছিল। কেন্দ্ৰটোৰ পৰিচালনা সমিতি আৰু কৰ্মী মাজেদা বেগমে দাবী কৰা ধন দিবলৈ অস্বীকাৰ কৰাত যোৱা ২৮ ফেব্ৰুৱাৰীত প্ৰায় ১০ জন লোকে বিদ্যালয়খন ভাঙি ছিঙি লণ্ড ভণ্ড কৰাত আবুল ৰছিদ, হাছেম আলী, ছোলেমান আলী, ইন্তাজ আলী, সাহা আলী, জালাল উদ্দিন আৰু আলাল উদ্দিনৰ বিৰুদ্ধে দলগাঁও থানাত এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে কোনো ব্যৱস্থা নোলোৱাত ৰহস্যৰ সৃষ্টি হৈছে।

মনকৰিবলগীয়া কথাটো যে, বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকৰ আগতে একাংশ লোকে কৰ্মীজনক শাৰীৰিকভাৱে আক্ৰমণ কৰিবলৈ উদ্যত হোৱা কাৰ্যই প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। শিশুসকলৰ শৈক্ষিক ভৱিষ্যত সুৰক্ষিত কৰিবলৈ জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেইটো লক্ষ্যণীয় হ’ব।