খাৰুপেটীয়াঃ ১৪ বছৰ বয়সলৈকে চৰকাৰে সকলো শিশুৰ বাবে বিনামূলীয়া বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন বলবৎ কৰাৰ সময়ত দৰং জিলাৰ দলগাঁৱত শিক্ষাৰ অধিকাৰ আইন খনক অংগুষ্ঠ প্ৰদৰ্শন কৰি কণ কণ শিশু সকলক শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত কৰিছে একাংশ সমাজ বিৰোধী চক্ৰই।
প্ৰাপ্ত তথ্য মতে, দলগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত জামালপুৰ গাঁৱৰ ৪৮ নং (দ্বিতীয় খণ্ড) অংগনাৱাড়ী কেন্দ্ৰৰ নামত আৱন্টিত ভূমি নথকা বাবে দীৰ্ঘদিন ধৰি অস্থায়ীভাৱে গৃহ নিৰ্মাণ কৰি পাঠদান কৰি আছিল যদিও সম্প্ৰতি উক্ত বিদ্যালয়খন একাংশ দুষ্ট চক্ৰই ভাঙি দিয়াৰ ফলত মুকলি আকাশৰ তলত কণ কণ শিশু সকলক পাঠদান কৰিবলগীয়া হৈছে।