newsnextone.com | খাৰুপেটীয়াঃ ৰাজ্যত এতিয়া মৰিল পুলিচৰ আতংক৷ ৰাজ্যৰ চৈদিশে কিবা এটাই ঘটনা সংঘটিত হলেই মানুহে দৌৰ মাৰি ওলাই আহি উত্তেজিত হৈ পৰে৷ ভয়াবহ ৰূপত মৰেল পুলিচিঙৰ ঘটনা বৃদ্ধি পোৱাত চিন্তিত হৈ পৰিছে ৰাইজ৷ যোৱা কেইবাটাও দিনত সংঘটিত হোৱা কেইবাটাও ঘটনাৰ ফলত সমগ্ৰ ৰাজ্যত উত্তেজনাই বিৰাজ কৰি থকাৰ সময়তে এইবাৰ দৰং জিলাৰ দৈপামত মানসিক বিকাৰগ্ৰস্ত যুৱকক বৰ্বৰ ভাৱে আক্ৰমণ কৰিলে ৰাইজে।
সোপাধৰাৰ আতংক অব্যাহত থকাৰ সময়তে দৈপাম আৰক্ষী চকীৰ অন্তৰ্গত দৈপাম গাঁৱত সংঘটিত হয় এই ঘটনা৷ সোপাধৰাৰ সন্দেহত বেছিমাৰীৰ ইমৰাজুল হক নামৰ যুৱকজনক প্ৰহাৰ কৰে ৰাইজে। ঘটনাক কেন্দ্ৰ কৰি দৈপামত এতিয়াও উত্তেজনা অব্যাহত আছে।