54
খাৰুপেটীয়াঃ খাৰুপেটীয়া টাউনত কাপোৰৰ দোকানত সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা৷ শনিবাৰে সংঘটিত হোৱা অগ্নিকাণ্ডত ২০ লক্ষাধিক টকা মূল্যৰ সম্পত্তি জুইত জাহ যায় বুলি দোকানৰ মালিকে জানিবলৈ দিয়ে৷
সাংবাদিকক দোকানীয়ে জানিবলৈ দিয়া মতে ২০ লাখ টকাৰ বীমা ( insurance) কৰা আছে দোকানটোৰ নামত। নিশা ১২ বজাত সংঘটিত অগ্নিকাণ্ডত খাৰুপেটীয়া টাউনৰ মহাবীৰ ৰোডৰ চন্দ্ৰা কমপ্লেক্সত থকা প্ৰায় পঞ্চাশটা দোকান অগ্নিকাণ্ড ঘটনাৰপৰা কথমপি ৰক্ষা পৰিল৷