ফখৰুল ইছলাম, দৰংঃ সমগ্র ৰাজ্যৰ লগতে দৰং জিলাতো মঙলবাৰৰেপৰা আৰম্ভ হৈছে বিশেষ ডায়েৰিয়া নিয়ন্ত্ৰণ পষেক।

এই পষেকৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান দৰঙৰ উদ্যোগত অনুষ্ঠিত কৰা হয় শুভাৰম্ভণি অনুষ্ঠান। মঙলদৈ অসামৰিক চিকিৎসালয়ত অনুষ্ঠিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত বিশেষ ডায়েৰিয়া নিয়ন্ত্ৰণ পষেকৰ শুভাৰম্ভণি কৰে দৰং জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ৰূপলাল নুনিছাই।

ভাষণ প্ৰসংগত তেওঁ ডায়েৰিয়া নিয়ন্ত্ৰণৰ বাবে সকলো বিভাগকে সহাঁৰি আগবঢ়াবলৈ আহ্বান জনোৱাৰ লগতে চাফ-চিকুনতাই ডায়েৰিয়াৰপৰা হাত সাৰি থকাৰ ক্ষেত্ৰত বহুখিনি সহায় কৰে বুলি মত প্ৰকাশ কৰে। 

আনহাতে অনুষ্ঠানত উপস্থিত থকা স্বাস্থ্য বিভাগৰ অতিৰিক্ত মুখ্য স্বাস্থ্য তথা চিকিৎসা বিষয়া ডাঃ প্ৰশান্ত কুমাৰ গোস্বামীয়ে ডায়েৰীয়াৰপৰা হাত সাৰি থকাৰ উপায় আৰু ডায়েৰিয়া হ’লে কি কৰিব লাগে বা নালাগে সেই সন্দৰ্ভত বিষদভাৱে ব্যাখ্যা আগবঢ়ায়।

উল্লেখ্য যে অনুষ্ঠানত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জ্যেষ্ঠ অভিযন্তা বিজয় শৰ্মা, জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ প্ৰতিনিধি তৰুণ শইকীয়াৰ লগতে স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰী তথা স্থানীয় ৰাইজ উপস্থিত থাকে।

উল্লেখ্যযোগ্য যে কালিৰেপৰা আৰম্ভ হোৱা বিশেষ ডায়েৰিয়া নিয়ন্ত্ৰণ পষেক ৯ জুন পৰ্যন্ত চলিব। এই সময়ছোৱাত জন্মৰপৰা ৫ বছৰ বয়স পৰ্যন্ত শিশুসকলক 'আশা’ই ঘৰে ঘৰে গৈ অ’আৰএছৰ পেকেট প্ৰদান কৰাৰ লগতে ডায়েৰিয়া সন্দৰ্ভত সজাগতা সৃষ্টি কৰিব।

তদুপৰি এই পষেকৰ সময়ছোৱাত প্ৰতিখন বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰত ডায়েৰিয়া সন্দৰ্ভত সজাগতা সৃষ্টি তথা হাত ধোৱাৰ কৌশলৰ প্ৰশিক্ষণ দিব আশা আৰু অংগনৱাড়ী কৰ্মী-সহায়িকাসকলে। 

উল্লেখযোগ্য যে পষেকযোৰা এই কাৰ্যসূচীৰ অধীনত জিলাখনৰ ১,১৫,২৯৫ টা ৫ বছৰ বয়স পৰ্যন্ত শিশুক 'আশা’ই ঘৰে ঘৰে গৈ অ’আৰএছ প্ৰদান কৰিব।