ফখৰুল ইছলাম, দৰংঃ দৰং জিলাৰ দলগাঁও সমষ্টিৰ অন্তৰ্গত জংঘল পাৰা উপ স্বাস্থ্য কেন্দ্ৰ এতিয়া পৰিণত হৈছে ভূত বাংল’ত৷ উপ স্বাস্থ্য কেন্দ্ৰটো চৰকাৰে স্থাপন কৰিছে ঠিকেই যদিও আজিলৈ উপ স্বাস্থ্য কেন্দ্ৰটোত নিযুক্তি দিয়া নাই চিকিৎসক তথা নাৰ্ছ৷
যাৰ বাবেই কেন্দ্ৰটো পৰিণত হৈছে ভূত বাংলালৈ৷ ইফালে, নৱ নিৰ্মিত স্বাস্থ্য কেন্দ্ৰটো নিৰ্মাণৰ কেইমাহমান পিছতেই জহিখহি গৈছে। স্বাস্থ্য কেন্দ্ৰটোৰ চাৰিওপিনে দেখা গৈছে লেতেৰা পৰিৱেশ৷ ইয়াৰ উপৰিও কেন্দ্ৰটোৰ বাহিৰৰ এটা অংশত খৰিৰ বুজা থৈ দিয়া পৰিলক্ষিত হৈছে৷