ফখৰুল ইছলাম, দৰংঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল কেতিয়াবাই ঘোষণা হ’ল। পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ বা-বাতৰি সংবাদ শিৰোনামা দখল কৰিলেও ৯৬.৮৩ শতাংশ নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা দলগাঁৱৰ এগৰাকী মেধাৱী ছাত্ৰীৰ ফলাফলে প্ৰচাৰ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিব পৰা নাই।
প্ৰচাৰবিমুখ ছাত্ৰীগৰাকী দলগাঁও আঞ্চলিক জাতীয় বিদ্যালয়ৰ। নাম দীক্ষিতা বৰুৱা। সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত দীক্ষিতাই সমাজ বিজ্ঞানত ১০০, ঐচ্ছিক গণিতত ৯৯, সাধাৰণ গণিতত ৯৮, অসমীয়াত ৯৪, ইংৰাজীত ৯০ আৰু সাধাৰণ বিজ্ঞানত ৯৫ নম্বৰেৰে সৰ্বমুঠ ৫৭৬ (৯৬.৮৩%) নম্বৰ লাভ কৰি দলগাঁৱৰ ভিতৰতে সৰ্বোচ্চ ফলাফল লাভ কৰিছে যদিও কোনো সংবাদ মাধ্যমত প্ৰচাৰ নহ’ল কোনো বাতৰি।