52
ফখৰুল ইছলাম, দৰংঃ পৱিত্ৰ ৰমজান মাহৰ ৰোজাদাৰসকলৰ বাবে দৰঙৰ খাৰুপেটীয়া টাউন জামে মছজিদত প্ৰত্যেক বছৰৰ দৰে এইবাৰো মাহজোৰাভাৱে আয়োজন কৰা হৈছে ইফতাৰ|
টাউন জামে মছজিদ ৰমজান পৰিচালনা সমিতিৰ সভাপতি ইমদাদুল ইছলাম আৰু সম্পাদক ছাহজাহান আলীয়ে জানিবলৈ দিয়া মতে ইছলাম ধৰ্মৰ অতিকৈ ফজিলত আৰু বৰকৎপূৰ্ণ মাহ ৰমজান মাহটোত খাৰুপেটীয়া টাউন জামে মছজিদ তৰফৰপৰা বহু দুৰ-দূৰণিৰপৰা অহা ৰোজাদাৰসকলে ইফতাৰ কৰি আহিছে|