খাৰুপেটীয়াঃ অসমত বিজেপি নেতৃত্বাধীন সৰ্বানন্দ চৰকাৰ গঠন হোৱাৰ পিছৰে পৰা অসমৰ সংখ্যালঘু ভাৰতীয় নাগৰিকক বিভিন্ন প্ৰকাৰে নিঃশেষ কৰাৰ ষড়যন্ত্ৰ চলোৱাৰ অভিযোগ তুলি দেওবাৰে আবেলি ৫ বজাত বোৰ্ডৰ অধ্যক্ষ মমিনুল আৱালৰ প্ৰতিকৃতি দাহ কৰে ইত্তেহাদ ফ্ৰন্ট অসম নামৰ সংগঠনে৷
দৰঙৰ বেছিমাৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰূপায়ন কৰে এই প্ৰতিবাদী কাৰ্যসূচী৷ কাৰ্য্যসূচীৰ নেতৃত্ব লয় ৰাজ্যিক সাধাৰণ সম্পাদক নুৰ ইছলাম, দৰং জিলা সমিতিৰ উপদেষ্টা আব্দুল জলিল, আৰু সভাপতি হাইবৰ ৰহমান৷ সংগঠনটোৰ একাংশ কৰ্মী সমৰ্থকে অসম চৰকাৰ হায় হায়, বিজেপি চৰকাৰ মুৰ্দাবাদ, সৰ্বানন্দ সোনোৱাল মুৰ্দাবাদ, মমিনুল আৱাল মুৰ্দাবাদ আদি ধ্বনিৰে ৰাজপথ উত্তাল কৰি তোলে৷