ফখৰুল ইছলাম, খাৰুপেটীয়াঃ উচ্চতম ন্যায়ালয়ে নিৰ্ধাৰণ কৰি দিয়া নিয়মাৱলী (SOP)ক অংগুষ্ঠ প্ৰদৰ্শন কৰি NRC কৰ্তৃপক্ষই ভুৱা আপত্তি গ্ৰহণ কৰি প্ৰমাণ কৰিছে যে সেই ভুৱা আপত্তিবোৰ NRC কৰ্তৃপক্ষৰ ছত্ৰছায়াতেই দাখিল হৈছে। SOP বহিৰ্ভূত আপত্তি আবেদনসমূহ খাৰিজ হ’ব লাগিছিল যদিও তাকে নকৰি প্ৰতীক হাজেলাই নিৰীহ দুখীয়া লোকক অযথা হাৰাশাস্তি কৰি নিজৰ পক্ষপাতমূলক স্বৰূপ উদঙাই দিছে।
ইত্তেহাদ ফ্ৰন্টে সেই সময়তে কৈছিল যি সময়ত NRCৰ দাবী, আপত্তি প্ৰক্ৰিয়াৰ শেষ নিশাত প্ৰায় তিনি লাখ ARNৰ বিৰুদ্ধে আপত্তি দৰ্শোৱা হৈছিল, সেই সময়তেই ইত্তেহাদ ফ্ৰণ্টে কৈছিল যে যদি শুদ্ধ NRC প্ৰস্তুত কৰাৰ বাবে আপত্তি দৰ্শোৱা হৈছে, তেনেহ’লে আমি সমৰ্থন কৰোঁ আৰু যদি কেৱল সংখ্যালঘু লোকক হাৰাশাস্তি কৰাৰ উদ্দেশ্যে আপত্তি দৰ্শোৱা হৈছে, এয়া কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে।