82
খাৰুপেটীয়াৰপৰা ফখৰুল ইছলামঃ দৰঙৰ খাৰুপেটীয়াৰ নিকটৱৰ্তী এখন কৃষিপ্ৰধান গাঁও বিহুদিয়া। গাঁওখনৰ উদীয়মান যুৱক হবিবুৰ ৰহমানে চৰকাৰী চাকৰিৰ আশা বাদ দি চাৰি বছৰ পূৰ্বে নিজকে আত্মনিয়োগ কৰে কৃষি কৰ্মত।
প্ৰথম অৱস্থাত ৰাসায়নিক পদ্ধতিৰে পাচলিৰ খেতি কৰি প্ৰচুৰ লাভ হয় যদিও পাছলৈ ৰাসায়নিক পদ্ধতিৰে উৎপাদন কৰা শাক-পাচলিৰ মূল্য আৰু চাহিদা কমি অহাত তেওঁ নিজকে আত্মনিয়োগ কৰিছে জৈৱিক পদ্ধতিত কৃষিত।