খাৰুপেটীয়াঃ দৰঙৰ দলগাঁৱত কাশ্মীৰত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণৰ প্ৰতিবাদত পাকিস্তানৰ পতাকা দাহ কৰা হয়৷ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ উদ্যোগত দুই শতাধিক ৰাইজে পাকিস্তান মুৰ্দাবাদ, সন্ত্ৰাসবাদ নিপাত যাওক, আদি ধ্বনিৰে উত্তাল কৰে দলগাঁৱৰ ৰাজপথ৷ প্ৰতিবাদকাৰীয়ে হাতে হাতে মমবাতি লৈ ৰাজপথলৈ ওলাই আহি এই প্ৰতিবাদ সাব্যস্ত কৰে৷