ফখৰুল ইছলাম, খাৰুপেটীয়াঃ বহু প্ৰত্যাশিত পঞ্চায়ত নিৰ্বাচনৰ বাবে সকলো ৰাজনৈতিক দলে প্ৰাৰ্থী তালিকা ঘোষণা কৰি প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ সাজু হৈছে। ইতিমধ্যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আয়োগে ঘোষণা কৰা সূচী মতে ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে দৰং জিলাতো প্ৰাৰ্থীসকলে তেওঁলোকৰ সমৰ্থকসহ মনোনয়ন-পত্ৰ দাখিল কৰে জিলা সদৰ আৰু উন্নয়ন খণ্ডসমূহত।
দৰঙৰ দলগাঁও সমষ্টিতো পঞ্চায়ত নিৰ্বাচনত এঘড়ী যুঁজিবৰ বাবে সম্পূৰ্ণকৈ সাজু কেন্দ্ৰ আৰু ৰাজ্যৰ শাসকীয় দল বি জে পি, বিৰোধী কংগ্ৰেছ, চৰকাৰৰ সহযোগী অ গ প আৰু বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ দল।