নগাঁওঃ স্বেচ্ছাসেৱী সংগঠন বটবৃক্ষৰ উদ্যোগত আৰু নেহেৰু যুৱ কেন্দ্ৰৰ সহযোগত দেওবাৰৰেপৰা এখনি ব্লক পৰ্যায়ৰ ফুটবল প্ৰতিযোগিতা নগাঁও জিলাৰ বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আৰম্ভ হৈছে ৷

সমাজকৰ্মী ইন্দ্ৰমোহন বৰুৱাই শুভ উদ্ধোধন কৰা ফুটবল প্ৰতিযোগিতাখনিৰ উদ্বোধনী খেলখনত বোৱালগুৰি আদৰ্শ ফুটবল ক্লাবৰ বিপক্ষে বিৰচিলা ফুটবল ক্লাবে অংশ গ্ৰহণ কৰে।

তীব্ৰ উত্তেজনাপূৰ্ণ খেলখনত  টাইব্ৰেকাৰৰ জৰিয়তে বৰছিলা ফুটবল ক্লাবক পৰাস্ত কৰি বোৱালগুৰি আদৰ্শ ফুটবল ক্লাব বিজয়ী হয়।

অঞ্চলটোৰ দহটা ফুটবল দলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনিৰ চূড়ান্ত খেলখন অহা ২৫ নৱেম্বৰত অনুষ্ঠিত হ'ব বুলি উদ্যাক্তাসকলে জানিবলৈ দিছে।