খাৰুপেটীয়ঃ দৰঙৰ দলগাঁও শিয়ালমাৰী উন্নয়ন খণ্ড কাৰ্যালয়ত মঙলবাৰে আঞ্চলিক পঞ্চায়ত সদস্যসকলৰ শপতগ্ৰহণ অনুষ্ঠিত হৈ যায়৷ ৮ গৰাকী কংগ্ৰেছৰ সদস্য আৰু ২ গৰাকী এ আই ইউ ডি এফৰ সদস্য থকা আঞ্চলিক পঞ্চায়তখনত ভোটদান প্ৰক্ৰিয়াৰে ৱাজেদ আলি সভাপতি হিচাপে নিৰ্বাচিত হয়৷
আনহাতে মেহেৰুন নেছাক উপ-সভানেত্ৰী হিচাপে মনোনীত কৰা হয়৷ উল্লেখ্য যে দলগাঁৱৰ কংগ্ৰেছী বিধায়ক ইলিয়াছ আলীয়ে কংগ্ৰেছ দলৰ ৮ গৰাকী সদস্যৰ সৈতে আলোচনা কৰি বিধায়কৰ অতি ঘনিষ্ট জয়নাল আব্দিনক সভাপতি হিচাপে বাছনি কৰিছিল যদিও দলৰ বিধায়কৰ নিৰ্দেশ অমান্য কৰি কংগ্ৰেছ দলৰ আঞ্চলিক সদস্যসকলে নিকা ভাৱমূৰ্তিৰ ৱাজেদ আলীক ভোটদান প্ৰক্ৰিয়াৰে নিৰ্বাচিত কৰে৷