খাৰুপেটীয়াঃ ২০১৭ বৰ্ষৰ পাৰ হৈ গ’ল যদিও অসমীয়াক দি থৈ গ’ল ইতিহাসৰ সকলোতকৈ ভাল খবৰটো৷ বছৰটো পাৰ হোৱাৰ অন্তিমটো দিনটোত অৰ্থাৎ ৩১ ডিচেম্বৰৰ মাজনিশা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সমন্বয়কৰ কাৰ্যালয়ত ৰাজ্যবাসীৰ বাবে দেশৰ মহাপঞ্জীয়ক এছ এছ শৈলেছ আৰু মুখ্য সমন্বয়ক প্ৰতীক হাজেলাই এনআৰচিৰ প্ৰথমখন খচৰা প্ৰকাশ কৰাৰ পিছৰে সোমবাৰে পুৱাৰে পৰা সেৱা কেন্দ্ৰ সমূহত মানুহৰ ভিৰ পৰিলক্ষিত হয়৷
উজনি-নামনিৰ প্ৰায় ২৫০০ সেৱা কেন্দ্ৰত মানুহে নিজৰ নাম আছে নাই পৰীক্ষণ কৰা পৰিলক্ষিত হৈছে৷ ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে সোমবাৰে পুৱাৰে পৰা দৰঙৰ দলগাঁও সমষ্টিত শান্তিপূৰ্ণ ভাৱে ৰাইজে খচৰাত নাম পৰীক্ষা কৰে৷ এন আৰ চিৰ সেৱা কেন্দ্ৰ সমূহত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰে প্ৰশাসনে৷ কোনো ঠাইতেই অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱাৰ বাতৰি পোৱা হোৱা নাই দৰঙৰ দলগাঁও সমষ্টিত।