খাৰুপেটীয়াঃ দৰং তথা গোটেই অসমতে শিক্ষা বিভাগত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা খাৰুপেটীয়া আজমল কলেজত বুধবাৰে বাৰ্ষিক বঁটা বিতৰণী সভা অনুষ্ঠিত হৈ যায়।
কলেজখনৰ উপাধ্যক্ষ ৰবিউল ইছলাম, ছাত্ৰ আবু ছালেহ ইমাৰণ আৰু শিক্ষয়িত্ৰী দেলোৱাৰা বেগমত্ৰয়ে সঞ্চালনা কৰা অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে খাৰুপেটীয়া মহাবিদ্যালয়ৰ অধ্যাপক আব্দুল আওৱাল, দৰং জিলা ছেৰিকালচাৰ মেনেজাৰ আনছাৰুল হক, জ্যেষ্ঠ সাংবাদিক মেচেৰ আলী, সাংবাদিক ইমদাদুল ইছলাম, প্ৰমুখ্যে কেইবাজনো ব্যক্তি।