Home ৰাজ্যৰাষ্ট্রীয় ঘাইপথ পুনৰ নিৰ্মাণত দুৰ্নীতিঃ উত্তাল প্ৰতিবাদ

ৰাষ্ট্রীয় ঘাইপথ পুনৰ নিৰ্মাণত দুৰ্নীতিঃ উত্তাল প্ৰতিবাদ

by News Desk
A+A-
Reset
82436b32-c9b2-4ed8-9b78-8fa2ec2e4dd8

খাৰুপেটীয়াঃ দৰঙৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰ্যত সংঘটিত কেলেংকাৰিৰ বিৰুদ্ধে গড়কাপ্তানি বিভাগৰ মন্ত্ৰীৰ লগতে চৰকাৰ-বিৰোধী ধ্বনিৰে উত্তাল খাৰুপেটীয়াৰ নিকটৱৰ্তী ফকিৰপাৰা চ’কৰ ৰাজপথত৷ ৰাজ্যখনত দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ শ্ল’গান দিয়া বিজেপি নেতৃত্বাধীন সৰ্বানন্দ সোনোৱালৰ চৰকাৰ চলি থকাৰ সময়তেই একাংশ বিষয়-কৰ্মচাৰীৰ জ্ঞাতসাৰেই প্রাককলন জলাঞ্জলি দি দৰঙৰ মাজেদি যোৱা ১৫ নং ৰাষ্ট্রীয় ঘাইপথটোত পুনৰ নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে অসম সংখ্যালঘু জাতীয় পৰিষদ আৰু ইত্তেহাদ ফ্রন্ট, অসমে৷ ৰাষ্ট্রীয় ঘাইপথটোৰ ব্যাপক দুৰ্নীতি সংঘটিত হোৱা অভিযোগ তুলি আজি দিনৰ ১১-৩০ বজাত দৰং জিলাৰ খাৰুপেটীয়াৰ নিকটৱৰ্তী ধুলা থানাৰ অন্তৰ্গত ফকিৰপাৰা চ’ক বজাৰৰ সন্মুখত ১৫ নং ৰাষ্ট্রীয় ঘাইপথত অসম সংখ্যালঘু জাতীয় পৰিষদৰ দৰং জিলা সমিতি আৰু ইত্তেহাদ ফ্রন্ট, অসমৰ উদ্যোগত শতাধিক লোকৰ উপস্থিতিত গড়কাপ্টানি বিভাগৰ মন্ত্রী হিমন্ত বিশ্বশৰ্মা মুৰ্দাবাদ, অসম চৰকাৰ হায় হায়, ১৫নং ৰাষ্ট্রীয় ঘাই পথৰ পুনৰ নিৰ্মাণৰ দুৰ্নীতি বন্ধ কৰক, আমাৰ দাবী ন্যায্য দাবী, ঠিকাদাৰক গ্রেপ্তাৰ কৰক, আদি বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷ অসম সংখ্যালঘু জাতীয় পৰিষদৰ দৰং জিলা সমিতিৰ সভাপতি নুৰুল হক তালুকদাৰ, সাধাৰন সম্পাদক মফিদুল ইছলামৰ লগতে ইত্তেহাদ ফ্রন্ট, অসমৰ সাধাৰণ সম্পাদক নুৰ ইছলামে প্রতিবাদস্থলীত ভাষণ দি কয় যে ৰাষ্ট্রীয় ঘাইপথটোৰ পুনৰ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে সেয়েহে  অতিশীঘ্রে ৰাষ্ট্রীয় ঘাইপথটোত চলি থকা নিৰ্মাণৰ কামটোৰ ওপৰত এক উচ্চ পৰ্যায়ৰ তদন্তৰ দিব লাগে৷ তেওঁলোকে এক অভিযোগ-পত্র দৰং জিলাৰ উপায়ুক্তৰ ওচৰত দাখিল কৰে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0